বিদ্যালয়,শ্ব'পিংমল মুকলি কৰাৰ সন্দৰ্ভত মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই কি ক'লে?

#himantabiswasarma

চতুৰ্থ পৰ্যায়ৰ 'লকডাউন' শেষ হ'বলৈ মাজত আৰু দুটা দিন।পঞ্চম পৰ্যায়ৰ লকডাউন ঘোষণাক লৈ ৰাজ্যবাসীৰ মাজত চৰ্চা চলি থকাৰ সময়তে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই দিছে পঞ্চম পৰ্যায়ৰ লকডাউন সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ ইংগিত।গুৱাহাটীত কোভিড-১৯ চিকিৎসালয় মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয়-"ভাৰত চৰকাৰে যি সিদ্ধান্ত ল'ব,সেয়া ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব।যদি লকডাউন উঠাই লয়,তেন্তে ৰাতি সান্ধ্য আইন যাতে বাহাল থাকে,তাৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে।"

মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যৰ জনতাই সামাজিক দূৰত্ব  সন্দৰ্ভত সজাগ হৈছে আৰু মানি চলিছে।পৰ্যায় অনুসৰি স্কুল-কলেজ,শ্ব'পিং মল খোলাৰ ব্যৱস্থা কৰা হ'ব। প্ৰথম অৱস্থাত দশম আৰু দ্বাদশ শ্রেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ক্লাছসমূহ আৰম্ভ হ'ব।পৰ্যায় ক্ৰমে নৱম আৰু অন্যান্য ক্লাছসমূহ মুকলি হ'ব।শ্বপিংমলসমূহৰো প্ৰথম পৰ্যায়ত ৫০% মুকলি হ'ব।

'অৱশ্যে এই সন্দৰ্ভত আলোচনা চলি আছে। কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিব,সেয়া আমি মানি চলিম'-মন্ত্ৰীগৰাকীয়ে লগতে কয়।

তাৎপৰ্যপূর্ণ যে চতুৰ্থ পৰ্যায়ৰ লকডাউন ৩১মে'ত অন্ত পৰিব।

Your Comments