৩১মে' লৈ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ

Pic

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে ফেৰী সেৱা বন্ধ।বন্ধ ঘোষণা কৰিলে কামৰূপ(ম) জিলাৰ প্ৰশাসনে।আজিৰে পৰা ৩১মে' লৈকে গুৱাহাটী আৰু উত্তৰ-গুৱাহাটীৰ মাজৰ সকলো ফেৰী চলাচল বন্ধ হৈছে।উল্লেখ যে ৰাজ্যত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে।তাৰ বাবে ফেনে-ফোটোকাৰে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।

গুৰুত্বপূৰ্ণ যে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ বিপদসীমা ৪৯.৬৮।বৰ্তমানলৈকে বিপদসীমা অতিক্ৰম কৰা নাই যদিও প্ৰশাসনৰ ফালৰ পৰা সতৰ্কতামূলক ব্যৱস্থা হিচাপে বন্ধ কৰিছে ফেৰীৰ চলাচল।

 

Your Comments