কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে পুনৰ তিনিটা গোচৰ চাবুৱা থানাত।চাবুৱা থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত বৃহস্পতিবাৰে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত পুনৰ গ্ৰেপ্তাৰ কৰে কৃষক নেতাগৰাকীক।
উল্লেখ যে চাবুৱা থানাৰ গোচৰকেইটা হৈছে- ২৯৩/২০১৯ ধাৰা ১৪৭/১৪৮/৩৩৬/৪২৭, ২৯৬/২০১৯ ধাৰা ১৪৭/৪৩৬ আৰু ৩০৭/২০১৯ ধাৰা ৪২৭/৪৩৬।
গুৰুত্বপূৰ্ণ যে এই গোচৰসমূহ যোৱা বর্ষৰ ডিচেম্বৰ মাহত 'কা' আন্দোলনৰ সময়ত চাবুৱা ৰাজহ চক্ৰ কাৰ্যালয় জ্বলোৱা,ইউবিআই বেংক জ্বলোৱা আৰু ডাকঘৰ জ্বলোৱা অভিযোগত ৰুজু হৈছিল।সেই গোচৰত কাৰাগাৰৰ পৰাই পুনৰ গ্ৰেপ্তাৰ কৰা হয় কৃষক নেতাগৰাকীক।
তাৎপৰ্যপূর্ণ যে কৃষক নেতাগৰাকী যোৱা ১২ ডিচেম্বৰৰ পৰা কাৰাৰুদ্ধ হৈ আছে।বৰ্তমান গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত 'নিয়া'ৰ গোচৰত বন্দী হৈ আছিল।
- Log in to post comments
- 22 views