লকডাউনৰ মাজতে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে সুখবৰ।ৰাজ্য চৰকাৰে মে' মাহৰ কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনাৰৰ পেন্ছন সম্পূৰ্ণৰূপে আদায় দিব।এই কথা প্ৰকাশ কৰিছে বিত্তমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।
কেন্দ্ৰীয় চৰকাৰে বিকেন্দ্ৰীকৃত অনুদান ৰাজ্য চৰকাৰক দিয়াৰ বাবে সম্ভৱ এয়া সম্ভৱ হৈ উঠিছে বুলি উল্লেখ কৰে মন্ত্ৰী ডঃশর্মাই।লগতে তেওঁ কয় যে ৰাজ্য চৰকাৰৰ নিজস্ব ৰাজহো ক্ৰমাৎ বৃদ্ধি হ'বলৈ ধৰিছে।
গুৰুত্বপূৰ্ণ যে লকডাউনৰ মাজতো ৰাজ্যৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সম্পূৰ্ণ দৰমহা আৰু পেঞ্চন আদায় দি আহিছে।
- Log in to post comments
- 24 views