ক'ৰ'না আতংকৰ মাজতে আছে সুখবৰ।বুধবাৰৰ দিনটোত ৰাজ্যত ক'ৰ'না আক্ৰান্ত ২৫জন লোক সুস্থ হৈ উঠিছে।সুস্থ হৈ উঠা লোককেইজনক দিয়া হৈছে ৰিলিজ।গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ২২জন,শিলচৰ মেডিকেল কলেজ হাস্পতালত ২জন,যোৰহাট মেডিকেল কলেজ হাস্পতালত ১জন আক্রান্তক দিয়া হয় ৰিলিজ।অসমত ক'ৰ'নাত আক্রান্ত ৮৭জন সুস্থ হ'ল।বৰ্তমান চিকিৎসাধীন হৈ আছে ৬৮০জন লোক।বৰ্তমান আক্ৰান্তৰ সংখ্যা ৭৭৪জন।
- Log in to post comments
- 13 views