উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ কটন ১২০ বছৰীয়া হ'ল:আজিৰে পৰা আকৌ ক'ৰ'না সেৱাত ব্ৰতী

#cottonunivercity#

ভাৰতৰ স্বাধীনতাৰ পূৰ্বৰ কথা।বৃটিছ শাসিত অসম প্ৰদেশৰ তদানীন্তন মুখ্য আয়ুক্ত ছাৰ হেনৰী ষ্টেডমেন কটনে ১৯০১ চনৰ ২৭ মে' অৰ্থাৎ আজিৰ দিনটোতে উচ্চশিক্ষাৰ প্ৰাণকেন্দ্ৰ ঐতিহাসিক কটন কলেজ আৰম্ভণি হ'ল বুলি ঘোষণা কৰিছিল।অধ্যক্ষ উইলিয়াম ফ্ৰেডেৰিক ছুডমাৰ্ছনকে ধৰি মুঠ পাঁচ অধ্যাপকেৰে কটন কলেজত আৰম্ভ হয় শিক্ষাদান।কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত কটন কলেজত আৰম্ভণি বৰ্ষত এফ এ প্ৰথম বৰ্ষ শ্ৰেণীত(একাদশ) ৩৭ জন আৰু এফ এ দ্বিতীয় বৰ্ষ শ্ৰেণীত (দ্বাদশ) ২ জনসহ মুঠ ৩৯জন ছাত্ৰৰে আৰম্ভ হোৱা কটন পাছলৈ অৰ্থাৎ দেশে স্বাধীনতা লাভ কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ যায়।

ইফালে,১৯৯২চনৰ ৬ অক্টোবৰ তাৰিখে ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাই কটন কলেজক এখন স্নাতকোত্তৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰে।

উল্লেখ যে প্ৰতিষ্ঠাপক মুখ্য আয়ুক্ত গৰাকীৰ নামেৰে নামাকৰণ কৰা কটন কলেজে শতবর্ষ অতিক্ৰম কৰিলে।ৰাজ্য তথা উত্তৰ-পূবৰ বহু পুৰুধা ব্যক্তিৰ কটনৰ বুকুতে জন্ম হ'ল।

২০১৭ চনত অসম বিধানসভাৰ প্ৰস্তাৱ মৰ্মে কটনে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰিলে।

ঐতিহাসিক কটন কলেজ/বিশ্ববিদ্যালয়ে আজি ১২০টা বসন্তত ভৰি থ'লে।পূর্ব গৰিমাৰে কটন আজিও জিলিকি আছে লুইতৰ পাৰত।জ্ঞানৰ মন্দিৰ কটন এতিয়া মানৱ জাতিৰ সেৱাত উসৰ্গিত। 

জাতিৰ প্রতিটো দুৰ্যোগ তথা সংকটৰ সময়ত বলিষ্ঠ কণ্ঠ হৈ সদায় থাকে কটন।

গুৰুত্বপূৰ্ণ যে ১২০ বছৰ সম্পূৰ্ণ কৰা কটন আজিৰ দিনটোৰ পৰাই এক অন্যন্য ইতিহাসৰ সাক্ষী হ'ব।বিশ্বাত্ৰাস ক'ৰনা ভাইৰাছ ৰোধৰ বাবে বহি:ৰাজ্যৰ পৰা অসমলৈ ঘূৰি অহা যাত্ৰীসকলৰ বাবে কটনে আজিৰ দিনটোৰ পৰা এক বিশেষ দায়িত্ব পালন কৰিব।কাৰণ, প্ৰশাসনৰ সিদ্ধান্ত মৰ্মে কটনৰ হোষ্টেলসমূহ আজিৰে পৰা কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ হ'ব।অৰ্থাৎ পুনৰ বিশেষভাৱে মানৱ সেৱাত ব্ৰতী হ'ল গৰিমামণ্ডিত কটন।

Your Comments