হাজো আৰু চাবুৱাৰ লোমহৰ্ষক হত্যাৰ ঘটনাৰ মৃতকৰ দুই আত্মীয়লৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আগবঢ়োৱা হ'ব দুই লাখকৈ টকা।এই কথা সংবাদ মেলত প্ৰকাশ কৰিলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।
মহন্তই কয় যে চাবুৱাৰ কয়লাবাৰী গাঁৱত দুটা সম্প্ৰদায়ৰ মাজত হোৱা কাজিয়াত প্ৰাণ হেৰোৱা পৰাগজ্যোতি নেওগৰ হত্যাকাণ্ডত জড়িত ১২ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।চাবুৱা থানাৰ ১০০/২০নম্বৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক।উল্লেখ যে চাবুৱাৰ ঘটনাটো ২৪মে'ত সংঘটিত হৈছিল।
'যোৱা ২৩ মে'ত হাজোৰ পাচলি ব্যৱসায়ী সনাতন ডেকাৰ হত্যাৰে অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দুজন অভিযুক্ত পলাই আছে।শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব অভিযুক্তক।ঘটনাৰে মুঠ পাঁচজন অভিযুক্ত বুলি কোৱা হৈছিল যদিও এজন ঘটনাৰে জড়িত নহয় বুলি জানিব পৰা গৈছে'-মহন্তই কয়।
উল্লেখ যে হাজোৰ ঘটনাত ৪৮০/২০নম্বৰত ৰুজু কৰা হৈছে গোচৰ।
আনহাতে,সমগ্ৰ ঘটনাক লৈ কিছুৱে সামাজিক মাধ্যমত সাম্প্ৰদায়িক ৰহন সানিবলৈ বিচৰা বুলি উল্লেখ কৰি মহন্তই সকলোকে আহ্বান জনাই কয়-"ক'ৰ'না মহামাৰীয়ে ভয়াৱহ ৰূপ লোৱাৰ সময়ত এনে সাম্প্ৰদায়িক ৰহন নাসানিব।প্ৰৰোচনামূূূলক মন্তব্য কৰাৰ পৰা সকলো বিৰত থাকক।পুলিচে জাতি-বৰ্ণ চাই কাকো ৰেহাই নিদিয়ে।"
'চিআইডিৰ জড়িয়তে চছিয়েল মিডিয়া নিৰীক্ষণ কৰা হৈছে।এটা অসমীয়া ৱেব পৰ্টেল (assamese online) এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দিবলৈ খুজিছে বাবে চিআইডিত গোচৰ ৰুজু কৰা হৈছে'-মহন্তই কয়।
- Log in to post comments
- 45 views