'আফ্ৰিকান ছোৱান ফিভাৰ'ৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত বন্ধ হৈ থকা গাহৰি মাংসৰ ক্ৰয় আৰু বিক্ৰীৰ শীঘ্ৰে অনুমতি দিয়া হব।এই কথা প্ৰকাশ কৰিলে পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰাই।তেওঁ কয় যে আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে অসমৰ জনসাধাৰণৰ জীৱিকা যাতে ক্ষতিগ্ৰস্ত নহয়, সেই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হৈছে।
আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰভাৱ নপৰা অঞ্চলত গাহৰিৰ মাংসৰ ক্ৰয়-বিক্ৰয় পুনৰ আৰম্ভ কৰাৰ বাবে সুৰক্ষিত উপায়ৰ সন্ধান কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী বৰাই কয়-"পশুধন বিশেষজ্ঞৰ সৈতে এই সন্দৰ্ভত পৰ্যালোচনা চলি আছে।"
- Log in to post comments
- 30 views