'হাজোৰ ঘটনাটো সভ্য সমাজৰ বাবে ভয়ংকৰ'-লুুৰিনজ্যোতি গগৈ

#AllAssamStudentUnion#

হাজোৰ মনাহকুছিত পাচলি ব্যৱসায়ী সনাতন ডেকাৰ নিৰ্দয় হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে।হত্যাকাণ্ডটো অত্যন্ত উদ্বেগজনক বুলি উল্লেখ কৰি গগৈয়ে কয়-"দিনৰ পোহৰতে এটা দুৰ্ঘটনাৰ আলম লৈ এনেকৈ মৰিয়াই মানুহ মৰাৰ সাহস পোৱা কাৰ্য সভ্য সমাজৰ বাবে ভয়ংকৰ।প্ৰশাসন,আইনলৈ ন্যূনতমো ভয়-সন্মান নথকা পৰিৱেশ এটা অসমত গঢ় ল'বলৈ পাইছে।"

চৰকাৰৰ গৃহ বিভাগ,আইন বলৱৎকাৰী সংস্থাসমূহ চূড়ান্তভাৱে ব্যৰ্থ হোৱা বুলি উল্লেখ কৰে ছাত্ৰ নেতা গগৈয়ে কয়-"সনাতন ডেকাৰ হত্যাকাৰীয়ে কঠোৰতম আইনী শাস্তি পাব লাগে আৰু চৰকাৰৰ গৃহ বিভাগে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন।যাতে দুনাই এনে ঘটনা সংঘটিত হ'বলৈ নোৱাৰে।"

ইফালে,হত্যাকাণ্ডটোক এচামে সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰাটো অত্যন্ত গৰিহণাযোগ্য বুলি উল্লেখ কৰে গগৈয়ে।তেওঁ কয় যে সাম্প্ৰদায়িক ঐক্যৰ সমন্বয়স্থলী হাজোত নিৰ্বাচিত চৰকাৰ,গৃহ বিভাগ থকাৰ পিছতো কিদৰে এনে ঘটনা সংঘটিত হৈছে।ইয়াক ৰোধ কৰাৰ বাবে চৰকাৰ ব্যৰ্থ হোৱাটোৱে সমাজলৈ নেতিবাচক বাৰ্তা বহন কৰিছে।

Your Comments