কোৱাৰেণ্টাইনত থকা প্ৰতিজন লোকৰ বাবে ৰাজ্য চৰকাৰে কিমান টকা খৰচ কৰিব,সম্পূৰ্ণ জানি লওঁঁক

Pic

"ৰাজ্যত কোৱাৰেণ্টাইন ব্যৱস্থা আপোচবিহীন হ'ব।বহি:ৰাজ্যৰ পৰা ঘূৰি অহা প্ৰতিজন লোক হোম আৰু ফেচিলিটী কোৱাৰেণ্টাইন মিলাই ১৪দিন থাকিব লাগিব।পুলিচ প্ৰশাসনক তাৰ বাবে অধিক কঠোৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।"এই গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা মতে এতিয়াৰে পৰা ৰাজ্য চৰকাৰে প্ৰতিজন কোৱাৰেণ্টাইনত থকা লোকৰ বাবে প্ৰতিদিনে খোৱাৰ নামত খৰছ কৰিব ৫০০টকা।যদি হোটেলত কোৱাৰেণ্টাইন হৈ থাকে তেন্তে ২০০০ টকাকৈ প্ৰতিদিনে ৰাজ্য চৰকাৰে বহন কৰিব।ইয়াৰ উপৰিও চাবোন আৰু অন্যান্য সামগ্ৰী ক্ৰয় কৰাৰ বাবে ৫০০ টকা প্ৰতিজন লোকৰ বাবে খৰচ কৰিব।উল্লেখ যে ৭টা দিন ফেচিলিটী কোৱাৰেণ্টাইনত থকাৰ পিছত নমুনা পৰীক্ষাৰ ফলাফল যদি ঋণাত্মক আহে, তেন্তে সেই লোকজনক অন্য ৭দিন হোম কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হ'ব।হোম কোৱাৰেণ্টাইনৰ সময়ত ২০০০ টকা অতিৰিক্তভাৱে প্ৰদান কৰা হব।গোটেই পৰিয়ালটো হোম কোৱাৰেণ্টাইন হৈ থাকিব লাগিব।তাৰ বাবে গাঁও পৰ্যায়ত কোৱাৰেণ্টাইন কমিটী গঠন কৰি দিয়া বুলি শৰ্মাই জানিবলৈ দিয়ে।গাঁও পৰ্যায়ৰ কমিটীখন আশা কর্মী, গাওঁবুঢ়া,পঞ্চায়ত সভাপতি আদি লৈ গঠিত।

গাড়ী আৰু ৰেলৰ জৰিয়তে বহি:ৰাজ্যৰ পৰা অসমত প্ৰায় ৩৭ হাজাৰ লোকে প্ৰৱেশ কৰিছে।আৰু ১২লাখ লোক অসমলৈ ঘূৰি আহিব লগা তথ্য আছে।গতিকে আগন্তক দিন আমাৰ বাবে অধিক প্ৰত্যাহ্বানৰ হ'ব।মন্ত্ৰী শৰ্মাই কয়।

ৰাজ্য ২১,৪৯৯খন গাঁৱত ২০৮৩২জন লোকৰ বৰ্তমান জ্বৰ-কাহ হৈ আছে।কিন্তু ভাল কথা এই যে তাৰে ৪০০০চেম্পুল টেষ্ট কৰা হৈছে   শআৰু কোনো লোকৰ দেহত ধৰা পৰা নাই কোভিড-১৯।

মন কৰিব লগা কথা এই যে ৰাজ্যত বৰ্তমান সময়লৈকে ১৯১জন আক্রান্ত হৈছে।তাৰে ৩৬ জন তবলিগী জামাত,১১২ জন বহি:ৰাজ্যৰ পৰা অহা,৩২জন আলুগুদামৰে জড়িত আৰু ৯ জনৰ উৎস এতিয়াও লাভ কৰা নাই বুলি জানিবলৈ দিয়ে মন্ত্ৰী ড: শৰ্মাই।জিলা হিচাপত কামৰূপ(ম) ৩৭জনেৰে সকলোতকৈ  অধিক,২৩ জন আক্ৰান্তৰে দ্বিতীয় স্থানত  হোজাই জিলা।ভাল খবৰ এয়ে যে ৰাজ্যৰ দৰং,ধেমাজি,ডিব্ৰুগড়,ওদালগুৰি, চৰাইদেউ, বৰপেটা আদি কৰি ৮খন জিলাত এজনো আক্রান্ত হোৱা নাই।

"২০০ জন আক্রান্ত নোহোৱালৈকে কোনো জিলা জ'ন ঘোষণা নহয়।তাৰ বিপৰীতে ঘটনা সংঘটিত হোৱা নিৰ্দিষ্ট অঞ্চল কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰি দাঁতিকাষৰীয়া কিছু অঞ্চল বাফাৰ জ'ন ঘোষণা কৰা হ'ব"-মন্ত্ৰীগৰকীয়ে লগতে কয়।

Your Comments