অসমৰ ৮খন তৈলক্ষেত্ৰ বহিৰাগত ব্যক্তিগত কোম্পানীক গতাই দিয়া আৰু দিহিং পাটকাই অভয়াৰণ্যত মুক্ত কয়লা খননৰ অনুমতিৰ তীব্ৰ বিৰোধিতা সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)ৰ।সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা ভিডিঅ' বাৰ্তাৰ জড়িয়তে সংগঠনটোৰ প্ৰচাৰ বিভাগৰ কেপ্তেইন দ্বীপ অসমে কয়-"জাতীয় অৰ্থনীতি স্থিতি শক্তিশালী কৰাৰ বাবে ব্যক্তিগত খণ্ডৰ বিনিয়োগৰ প্ৰয়োজনীয়তাক ঋণাত্মক দৃষ্টিৰে গ্ৰহণ কৰা নাই।কিন্তু অসমৰ জাতীয় সম্পদ তৈলক্ষেত্ৰসমূহ বহিৰাগত কোম্পানীক হস্তান্তৰ কৰাক সমৰ্থন নকৰোঁঁ।তাৰ বিৰুদ্ধে অসমপ্ৰেমী থলগিৰীৰ সহযোগত সৰ্বাত্মক সশস্ত্ৰ প্ৰতিৰোধ গঢ়িবলৈ বদ্ধপৰিকৰ।"
গুৰুত্বপূৰ্ণ যে অসমৰ তৈলক্ষেত্ৰৰ অধিগ্ৰহণ কৰিবলৈ অহা বহিৰাগত ব্যক্তিগত কোম্পানীয়ে আলফা(স্বা) সশস্ত্ৰ প্ৰতিৰোধৰ সন্মুখীন হ'ব বুলিও বিশেষ ভিডি'অ বাৰ্তাটোত স্পষ্টকৈ উল্লেখ কৰিছে।
ইফালে,দিহিং পাটকাইত মুক্ত কয়লা খননৰ বাবে দিয়া অনুমতি সন্দৰ্ভত সংগঠনটোৱে সকীয়নী প্ৰদান কৰি কয়-"দিহিং পাটকাইত হাত নিদিবলৈ আগতীয়াকৈ জনাই থলোঁ,অন্যথা পৰিনাম ভোগ কৰিব লাগিব।"
অসমৰ থলগিৰীক আহ্বান জনাই সংগঠনটোৱে কয়-"দিহিং পাটকাইক লৈ যাতে কোনেও ৰাজনীতিৰ দাম-দৰ নকৰে।"
- Log in to post comments
- 30 views