দুৰ্ঘটনাত প্ৰাণ গ’ল ৰামাৰাও পুত্ৰৰ

দুৰ্ঘটনাত প্ৰাণ গ’ল ৰামাৰাও পুত্ৰৰ

এক ভংয়কৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী এন টি ৰামাৰাওৰ পুত্ৰ নন্দমুৰি হৰিকৃষ্ণই ৷ প্ৰাপ্ত তথ্য মতে, আজি পুৱা ৰাজ্যখনৰ গুণ্টুৰ হাইৱে’ৰে তীব্ৰ বেগত গাড়ী চলাই গৈ আছিল হৰিকৃষ্ণ ৷

দুৰ্ঘটনাত প্ৰাণ গ’ল ৰামাৰাও পুত্ৰৰ

কিন্তু হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনে এটা ডিভাইডাৰত খুন্দা মাৰে ৷ ভয়ংকৰ দুৰ্ঘটনাটোত গাড়ীখন ভাগি চূৰ্ণ-বিচূৰ্ণ হোৱাৰ লগতে হৰিকৃষ্ণ মৃত্যু মুখত পৰে ৷ অন্ধ্ৰৰ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, ঘণ্টাত ১৬০ কি. মি. বেগত গাড়ী চলাইছিল হৰিকৃষ্ণই ৷

Your Comments