চৰকাৰবিৰোধী কণ্ঠ ৰুধিবলৈ চূড়ান্ত দমনমূলক নীতি বিজেপিৰ

bjp_anti people

বিৰুদ্ধ মতাৱলম্বী আৰু প্ৰগতিশীল চিন্তাবিদ-বুদ্ধিজীৱীসকলৰ কণ্ঠৰোধ কৰিবলৈ জৰুৰী অৱস্থাকৈও ভয়ংকৰ আৰু শ্বাসৰুদ্ধ পৰিৱেশ সৃষ্টি কৰি ব্যাপক গ্ৰেপ্তাৰ অভিযান আৰম্ভ কৰিছে দেশৰ বিজেপি শাসিত চৰকাৰসমূহে ৷ মঙ্গলবাৰে নক্সালপন্থীসকলৰ সৈতে সংযোগ থকা বুলি ভুৱা আৰু মনেসজা অভিযোগত দেশ ৰ৬খন ৰাজ্যত কমেও ১০গৰাকী বুদ্ধিজীৱীৰ আৱাসত তালাচী অভিযান চলাই সাংবাদিক, অধ্যাপক আৰু মানৱাধিকাৰ কৰ্মীসহ ৫গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰে মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰে ৷ গ্ৰেপ্তাৰ হোৱা ব্যক্তিসকল হৈছে বিশিষ্ট তেলুগু কবি ভাৰভাৰা ৰাও, মানৱাধিকাৰ কৰ্মী আৰু আইনজীৱী সুধা ভৰদ্বাজ, সুধা ভৰদ্বাজৰ জীয়েক অনু ভৰদ্বাজ, পুনেৰ বিশিষ্ট বুদ্ধিজীৱী অৰুণ ফেৰইৰা, মানৱাধিকাৰ কৰ্মী ভেমন গনজালভেছ, ৰাঁচীৰ বিশিষ্ট বুদ্ধিজীৱী ষ্টান স্বামী, সাংবাদিক আৰু মানৱাধিকাৰ কৰ্মী গৌতম নাৱলাখা ৷

মঙ্গলবাৰে এই কেইগৰাকী বুদ্ধিজীৱীৰ উপৰি হায়দৰাবাদত দলিত অধ্যাপক কে সত্যনাৰায়ণ আৰু সাংবাদিক কে ভি কুৰমানাথ, চিত্ৰ সাংবাদিক ক্ৰান্তি টেকুলা, গোৱাত জ্যেষ্ঠ অধ্যাপক আৰু লেখক আনন্দ টেলটুম্বডেৰ বাসভৱনতো আৰক্ষীয়ে অভিযান চলায় ৷ আৰক্ষীয়ে এই কেউগৰাকী লেখক, সাংবাদিক আৰু মানৱাধিকাৰ কৰ্মীক মহাৰাষ্ট্ৰৰ ভীমা কোৰে গাঁৱত যোৱা বছৰত দলিত সমাবেশত হোৱা হিংসাত্মক ঘটনাৰ গোচৰ তথা মাওবাদীৰে ঘনিষ্ঠ সম্পৰ্কৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৷ মহাৰাষ্ট্ৰৰ সন্ত্ৰাস দমন স্কোৱাডৰ দলে সমান্তৰালভাৱে মঙ্গলবাৰে এইসকল বুদ্ধিজীৱীৰ আৱাসত তালাচী চলায় আৰু গ্ৰেপ্তাৰ কৰে ৷

bjp_anti

আৰক্ষীৰ দলে এই বুদ্ধিজীৱীসকলৰ লেপটপ আৰু অন্যান্য কিতাপ, নথি-পত্ৰ আদিও জব্দ কৰি লৈ যায় ৷ যোৱা জুন মাহত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক ‘হত্যা কৰা’ৰ ষড়যন্ত্ৰৰ অভিযোগতো ভালে সংখ্যক প্ৰগতিশীল বুদ্ধিজীৱীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ মনে সজা এইবোৰ অভিযোগত যোৱা ৬ জুনত পুনেৰ আৰক্ষীয়ে অধিবক্তা সুৰেন্দ্ৰ গাডলিং আৰু অধ্যাপক সোমা সেলক আৰু নাগপুৰৰ পৰা মানৱাধিকাৰ কৰ্মী মহেশ ৰাউত, মুম্বাইৰ পৰা সুধীৰ ধাৱানে আৰু দিল্লীৰ পৰা ৰোনা উইলছনক গ্ৰেপ্তাৰ কৰিছে ৷ এই আটাইগৰাকী বুদ্ধিজীৱীক মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত বিতৰ্কিত বেআইনি কাৰ্যকলাপ (দমন) আইনত গ্ৰেপ্তাৰ কৰা হৈছে ৷

বিৰুদ্ধ মতাৱলম্বী এইসকল বুদ্ধিজীৱীক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে বিশিষ্ট ইতিহাসবিদ ৰামচন্দ্ৰ গুহ, বুকাৰ বঁটা বিজয়ী লেখিকা অৰুন্ধতী ৰয়, চি পি আই(এম) নেতা প্ৰকাশ কাৰাট, ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হেমন্ত ছোৰেন আৰু কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ৷ অৰুন্ধতী ৰয়ে এই গ্ৰেপ্তাৰ কাৰ্যক গৰিহণা দি কয় যে চৰকাৰে দেশত জৰুৰী অৱস্থাৰ সৃষ্টি কৰিছে ৷ ৰামচন্দ্ৰ গুহই এই গ্ৰেপ্তাৰ কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে গ্ৰেপ্তাৰ হোৱা আটাইকেইজন বুদ্ধিজীৱীক অনতি পলমে আৰু বিনা চৰ্তে মুক্তি দিবলৈ দাবী জনায় ৷ কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে এই গ্ৰেপ্তাৰৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টুইটাৰত কয়, ‘ভাৰতত কেৱল এটা এন জি অ’-ৰেই ঠাই আছে আৰু সেইটো হৈছে আৰ এছ এছ ৷

অন্য সকলো এন জি অ’-ক বন্ধ কৰি দিয়ক, সকলো মানৱাধিকাৰ কৰ্মীক জে’লত ভৰাওক আৰু যিসকলে অভিযোগ কৰে তেওঁলোকক গুলিয়াই মাৰক ৷ নতুন ভাৰত স্বাগত ৷’ ইতিমধ্যে বিৰুদ্ধ মতাৱলম্বী বুদ্ধিজীৱীসকলক এইদৰে কণ্ঠৰোধ কৰিবলৈ যধেমধে গ্ৰেপ্তাৰ কৰা কাৰ্যক আন্তৰাষ্ট্ৰীয় মানৱাধিকাৰ সংগঠন এমনেষ্টি ইণ্টাৰনেচনেল আৰু অক্সাফামেও গৰিহণা দিছে ৷

Your Comments