দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
ঘগ্ৰাপাৰ 'আছু'ৰ প্ৰশংসনীয় পদক্ষেপ।দেশৰ সংকট-সময়ত ঘগ্ৰাপাৰত জৰুৰীকালীন সেৱাত নিয়োজিত চিকিৎসক-আৰক্ষী-জোৱান আৰু সাংবাদিকক শুকুৰবাৰে সদৌ নলবাৰী জিলা ছাত্ৰসন্থাৰ অন্তৰ্গত ঘগ্ৰাপাৰ,বৰাজোল,আল্লিয়া,পশ্চিম বনভাগ খাতিকুছি।আৰু বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে এখনকৈ বিহুৱান বিতৰণ কৰে।
এই উপলক্ষে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজদ্দিন আহমেদৰ নেতৃত্বত এটি দলে ঘগ্ৰাপাৰ প্ৰেছ ক্লাবত উপস্থিত হৈ সাংবাদিকসকলক একোখন বিহুৱানেৰে সম্বৰ্ধনা জ্ঞাপন কৰে।ইফালে, দলটোৱে ঘগ্ৰাপাৰ আৰক্ষী থানা আৰু ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক -নাৰ্চসকলক গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।আজিৰ এই অনুষ্ঠানটোত সহায় -সহাযোগিতা আগবঢ়ায় ক্ৰমে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি কল্প ৰাজবংশী,সাংগঠনিক সম্পাদক মিলন দাস,কাৰ্য্যনিৰ্বাহক সদস্য ৰণজিৎ শৰ্মা,ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হিৰকজ্যোতি শৰ্মা,বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিকি শৰ্মা আদিয়ে।'আছু'ৰ উক্ত পদক্ষেপৰ গ্ৰাপাৰৰ সচেতন মহলে শলাগ লৈছে।
- Log in to post comments
- 90 views