ঘগ্ৰাপাৰত চেন্নাইৰ পৰা অহা দুই শতাধিক শিক্ষাৰ্থী-ৰোগীৰ পথ অৱৰোধ:অনাহাৰে শ্ৰীৰামপুৰৰ পৰা লৈ অহাৰ অভিযোগ

Pp

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

স্বাস্থ‍্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বহিঃ ৰাজ‍্যৰ পৰা অসমলৈ অহা শিক্ষাৰ্থী,ৰোগী আৰু শ্ৰমিকসকলক সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰা বুলি দম্ভালি মৰাৰ সময়তে বৃহস্পতিবাৰে নলবাৰী জিলাৰ  ঘগ্ৰাপাৰত চেন্নাইৰ পৰা অহা দুইশতাধিক শিক্ষাৰ্থী আৰু ৰোগীয়ে সম্পূৰ্ণ  এটা ৰাতি অনাহাৰে থকাৰ অভিযোগ তুলি ৩১ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।চেন্নাই ফেৰৎ এইসকলৰ  প্ৰতিবাদে বিশেষ তাৎপৰ্য বহন কৰিছে।উল্লেখ‍্য যে চেন্নাইৰ  পৰা যোৱা ২ মে'ত অসমৰ একাংশ শিক্ষাৰ্থী আৰু বিভিন্ন ৰোগত আন্তাক্ৰ ৰোগীয়ে  তিনিখন নৈশবাছ আৰু সোতৰখন সৰু -বৰ গাড়ীৰে  অসমলৈ যাত্ৰা কৰিছিল।প্ৰায় দুশজনীয়া দলটোৱে বুধবাৰে    সন্ধিয়া সীমান্ত এলেকা শ্ৰীৰামপুৰত উপস্থিত হয়।লগে লগে কোকৰাঝাৰ আৰক্ষীয়ে এইসকলক  বঙাইগাঁও জিলালৈ আগবঢ়াই থয়। এনেদৰে আৰক্ষীৰ সহাযোগত বঙাইগাঁও,বৰপেটা অতিক্ৰম কৰি নলবাৰী আৰু কামৰূপ জিলাৰ সীসান্তৱৰ্তী ঘগ্ৰাপাৰৰ -নাৰিকুছি (বিলপাৰ)ত ৭মে'ৰ পুৱা প্ৰায় ৭ মান বজাত কামৰূপ জিলাত প্ৰৱেশ কৰাৰ আগমুহুৰ্তত উক্ত স্থানত আটাইকেগৰাকীয়ে বাহনৰ পৰা নামি ৩১ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।অভিযোগ অনুসৰি কালি নিশা শ্ৰীৰামপুৰৰ পৰা দলটোৱে অসমলৈ যাত্ৰা কৰাৰ সময়ত চৰকাৰীভাৱে কোনো ধৰণৰ আহাৰৰ ব‍্যৱস্থা নকৰাৰ লগতে এটুপি খোৱাপানীও  যোগান ধৰা নাছিল।যাত্ৰা পথত আৰক্ষীয়ে তেওঁলোকক আতি শয‍্যা চলোৱা বুলিও অভিযোগ তুলিছে।প্ৰায় আধাঘন্টা ধৰি চলা অৱৰোধস্থলীত অৱশ্যে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে উপস্থিত হৈ অৱৰোধকাৰীসকলৰ লগত আলোচনা মিলিত হৈ কামৰূপ জিলালৈ পঠিয়াই দিয়ে।আৰক্ষীবিষয়াগৰাকী আৰু স্থানীয় একাংশ লোকে অৱৰোধকাৰীসকলক বিস্কুট আৰু খোৱাপানী যোগান ধৰে।ইফালে অতি গুৰুত্বপূৰ্ণ বিষয় যে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বহিঃ ৰাজ‍্যৰ পৰা অহা লোকসকলক অসমত সোমোৱাৰ পুৰ্বে সীমান্তত স্ত্ৰীনিং  আৰু কোৱাৰেন্টাইনৰ ব‍্যৱস্থা কৰা হ'ব বুলি প্ৰচাৰ কৰিছিল যদিও সি ফুটুকাৰ ফেনত পৰিণত হৈছে।চেন্নাইৰ পৰা অহা এইসকল লোকে অভিযোগ কৰা অনুসৰি তেওঁলোক শ্ৰীৰামপুৰত কোনো ধৰণৰ স্ত্ৰীনিং আৰু ষ্ট‍্য‍ম্প  মৰাৰ দিহা নকৰি  প্ৰশাসন তথা স্বাস্থ্য বিভাগে  পোনে পোনে অসমত সোমোৱাৰ ব‍্যৱস্থা কৰি দিয়া বুলি গুৰুতৰ  অভিযোগ উখাপন হৈছে। 


 

Your Comments