দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
'লকডাউন'ৰ সময়ত জনজীৱন স্তব্ধ হৈ পৰিছে।নলবাৰী জিলাৰ বিভিন্ন অঞ্চলৰ লগতে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰাজোল অঞ্চলতো গৃহবন্দী হৈ পৰিছে জনতা।এনে সময়তে অঞ্চলটোৰ দুখীয়া,দিন-হাজিৰা কৰা,ঠেলা চলাই জীৱন-যাপন কৰা পৰিয়ালসমূহ আৰ্থিক আৰু খাদ্য সংকটৰ সন্মুখীন হৈছে।পৰিয়ালসমূহৰ এনে দুৰৱস্থা দেখি বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ নিজা প্ৰচেষ্টাত তথা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ৰিয়াজদ্দিন আহমেদ আৰু ক্ৰীড়া সম্পাদক কংকন কলিতাৰ তত্বাৱধানত অঞ্চলটোৰ হাৱললা,বৰাজোল, ভিঠামহল,পাণবাৰী,আকনা আদি গাঁঁৱৰ শতাধিক দুখীয়া পৰিয়ালৰ মাজত চাউল,দাইল,আলু,পিয়াঁঁজ,মিঠাতেলকে ধৰি প্ৰয়োজনীয় বিভিন্ন খাদ্য-বস্তু আৰু শাক -পাচলি বিতৰণ কৰা হয়।লগতে,বাট-পথত ঘূৰি ফুৰা অঘৰী লোকসকলোকো নিজ হাতে খাদ্য বিতৰণ কৰে।বৰাজোল আছুৰ এনে প্ৰচেষ্টাৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।
- Log in to post comments
- 74 views