কামৰূপৰ দদৰাত গামোচাৰ মাক্স,কাপোৰৰ মোনা চিলাই বিক্ৰী কৰি জীৱন সংগ্ৰাম এগৰাকী মহিলাৰ 

Pic

মৃণাল ডেকা শুৱালকুছি:

ক’ভিড ১৯ ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ বিশ্বৰ লগতে অসমৰ লাখ লাখ লোকৰ জীৱিকাও সলনি কৰাৰ ইংগিত কঢ়িয়াই আনিছে।সমগ্ৰ দেশৰ লগতে অসমতো 'লকডাউন' বৃদ্ধি হোৱাত দৈনিক শ্ৰম কৰি জীৱিকা উপাৰ্জন কৰা ৰাইজৰ মাজত তীব্ৰ খাদ্যৰ সংকটে দেখা দিছে।খাদ্যৰ সংকটত পৰি শ্ৰমজীৱী লোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে।কামৰূপ জিলাৰ দদৰাৰ জোনালী বৰ্মন দাস নামৰ এগৰাকী মহিলায়ো লকডাউনৰ সময়ছোৱাত কঠোৰ জীৱন সংগ্ৰাম অব্যাহত ৰাখিছে ৷ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী স্বামী বিমল দাসে পছৰীয়াৰ  ব্যক্তিগত খণ্ডৰ উদ্যোগত কাম কৰিছিল যদিও লকডাউনৰ ফলত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহো বন্ধ হৈ পৰে ৷ ফলত তীব্ৰ আৰ্থিক সংকটে দেখা দিয়ে পৰিয়ালটোত।পৰিয়ালটোৰ কথা জানিব পাৰি বিশিষ্ট প্ৰকৃতিপ্ৰেমী,বিলুপ্তপ্ৰায় হাড়গিলাৰ সংৰক্ষণৰ বাবে গ্ৰীণ অস্কাৰ বঁটা প্ৰাপক পূৰ্ণিমা দেৱী বৰ্মনে জোনালী বৰ্মন দাসক  গামোচাৰ মাক্স আৰু কাপোৰৰ মোনা ঘৰতেই থাকি চিলাই মেচিনত তৈয়াৰ কৰিবলৈ সহযোগিতা আগবঢ়ায়।অসমৰ স্বাভিমান গামোচাৰ মাক্স তৈয়াৰ কৰি জোনালী বৰ্মন দাসে ১৫০০ ৰো অধিক মাক্স  ৩৫ - ৪০ টকাত বিক্ৰী কৰিছে।ইয়াৰ উপৰিও জৰুৰীকালীন সেৱাৰ লগত জড়িতসকলক উৎসাহ জনোৱাৰ উদ্দেশ্যৰে শুভেচ্ছামূলক বাক্যৰে কাপোৰৰ মোনাও চিলাই কৰি বিক্ৰী কৰিছে।জোনালী  বৰ্মন দাসে এনেদৰেই মাক্স তৈয়াৰ কৰি  লকডাউনৰ সময়ছোৱাত আৰ্থিক সংকটত ভোগা পৰিয়ালৰ বাবে দুবেলা-দুসাঁঁজ যোগাৰ কৰিছে।

Pic

উল্লেখ্য যে জোনালী দাস বৰ্মন আৰু স্বামী বিমল দাসৰ কেইমাহমান আগতে টিউমাৰৰ অস্ত্ৰোপচাৰো কৰিছিল।আনহাতে, সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতাই পৰিয়ালটোক আঁচনিৰ আওঁতালৈ আনি সাহায্য প্ৰদান কৰিবলৈ পঞ্চায়ত প্ৰতিনিধিক আহ্বান জনায়৷

Your Comments