হাজোৰ পৰা কমলাকান্ত দাস:
তৃতীয় পৰ্যায়ৰ 'লকডাউন'ৰ বাবে অসম চৰকাৰে সোমবাৰৰে পৰা ঘোষণা কৰা নীতি -নিৰ্দেশনা হাজো অঞ্চলৰ একাংশ ব্যৱসায়ীৰ লগতে ৰাইজে উলংঘা কৰাত সচেতন ৰাইজে উদ্বেগ প্ৰকাশ কৰিছে।লকডাউনৰ নিয়ম উলংঘা কৰি বৃহত্তৰ হাজো অঞ্চলৰ কুলহাটী বজাৰ চ'ক,গেৰুৱা বজাৰ চ'ক,বৰম্মৈ বজাৰ চ'কলৈ ওলাই আহে ৰাইজ।চ'কসমূহৰ দোকান -পোহাৰসমূহত সামাজিক দূৰত্ব নামানি সামগ্ৰী কিনিবলৈ একাংশ লোকে ভিৰ কৰা দেখিবলৈ পোৱা যায়।এনেদৰে লকডাউনৰ নীতি উলংঘা কৰা লোকসকলৰ ক্ষেত্ৰত হাজো প্ৰশাসনৰ লগতে বজাৰ সমিতিসমূহে কোনো ব্যৱস্থা লোৱা নাই।দুচকীয়া যান-বাহনকে ধৰি সকলোবোৰ যান-বাহনে চৰকাৰী নীতি নিৰ্দেশনা মানি চলা নাই।অঞ্চলসমূহত কোনেও লকডাউনৰ সামাজিক দূৰত্ব মানি চলা নাই । ইফালে,মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰা লোকসকলৰ বিৰুদ্ধে হাজো প্ৰশাসনে নিৰ্বিকাৰ হৈ থকাত সচেতন মহলে গভীৰ খেদ প্ৰকাশ কৰিছে।ইফালে,হাজোৰ দোকানসমূহত গুটখাৰ অবাধ প্ৰচলন হৈ থকাৰ পিছতো প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাত সচেতন মহলে খেদ প্ৰকাশ কৰিছে ।
- Log in to post comments
- 18 views