ছয়গাঁঁৱৰ পৰা বিপুল দাস:
ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৰাইজৰ মাজত সোমাই ক'ৰ'না সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লগতে বহুসংখ্যক লোকৰ মাজত মাস্ক,ছেনিটাইজাৰ আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ৰাইজৰ মাজত বিতৰণ কৰি আহিছে।ইয়াৰ মাজতেই তেওঁ বহুসংখ্যক দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে।সোমবাৰে বিধায়কগৰাকীয়ে ছয়গাঁৱৰ বনগাঁৱত থকা বৃদ্ধাশ্ৰমৰ ২৬ গৰাকী বৃদ্ধাৰ মাজত সুস্বাদু আহাৰ তথা ফল-মূল বিতৰণ কৰাৰ লগতে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে।আনহাতে,বনগাঁৱৰ সমাজ কল্যাণ বিভাগৰ শিশু পৰ্যবেক্ষণ গৃহৰ শিশুসকলৰ মাজতো সম পৰিমাণৰ খাদ্য সামগ্ৰী প্ৰদান কৰে।ইয়াৰ উপৰি বিধায়কগৰাকীয়ে বামুণীগাঁও মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ লগতে গোৱৰ্ধনস্থিত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ মাজত সুস্বাদু আহাৰৰ লগতে ফল-মূল বিতৰণ কৰে।চিকিৎসা কৰ্মীসকলক মাস্ক আৰু চেনিটাইজাৰো বিতৰণ কৰে।আনহাতে,বিধায়কগৰাকীয়ে সোমবাৰে ছয়গাঁও প্ৰেছ ক্লাবৰ নামত এখন দহ হাজাৰ টকাৰ চেক প্ৰেছ ক্লাবৰ সভাপতি ধীৰাজ কুমাৰ দাসৰ হাতত অৰ্পণ কৰে।
- Log in to post comments
- 8 views