দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
ৰাজ্য চৰকাৰৰ বিয়াগোম গড়কাপ্তানী বিভাগে ন-ন পথ নিৰ্মাণৰ আঁঁচনিৰে ঢাক-ঢোল বজাই অহাৰ সময়তে নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ এলেকাধীন দুটাকৈ অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথ তৰপে-তৰপে খহি বোকা-পানীৰে একাকাৰ হৈ পৰাত সম্প্ৰতি যাতায়াত ব্যাহত হৈ পৰিছে।এই ক্ষেত্ৰত গড়কাপ্টানী বিভাগৰ বৰমূৰীয়া,স্থানীয় জনপ্ৰতিনিধিয়ে বিশেষ গুৰুত্ব প্ৰদান নকৰাত বছৰ বছৰ ধৰি ৰাইজে,ছাত্ৰ-ছাত্ৰীয়ে এজাক বৰষুণতে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগীয়া হৈছে বুলি স্থানীয় ছাত্র সন্থা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিয়ে অভিযোগ উত্থাপন কৰিছে।প্ৰাপ্ত অভিযোগ মতে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ঘগ্ৰাপাৰ ষ্টেচন পথ আৰু দামোদৰ ধাম চত্ৰা চ'কৰ পৰা গাইটান- পোৰাকুছি ,সন্ধ গাঁও হৈ সন্ধ ৰেল গেট সংযোগী গড়কাপ্তানী পথছোৱা তৰপে তৰপে খহি পৰাৰ লগতে এজাক বৰষুণতে বোকা -পানীৰে একাকাৰ হোৱা পৰিৱেশৰ সৃষ্টি হয়।যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ অঞ্চলটোৰ পথচাৰী,ৰে'লযাত্ৰী,বিভিন্ন স্কুল-কলেজৰ ছাত্ৰ-ছাত্রী,কাৰ্যালয়ৰ কৰ্মচাৰী,ব্যৱসায়ীৰ লগতে নিতৌ পথটোৰে চলাচল কৰা শ শ সৰু-বৰ গাড়ী যাতায়তৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সম্মুখীন হৈছে।উল্লেখ্য যে এই পথ দুটা পুনৰ মেৰামতিৰ ক্ষেত্ৰত চৰকাৰে দীৰ্ঘদিন ধৰি ধন আৱন্টন নিদিয়াত বছৰ বছৰ ধৰি বিধ্বস্ত হৈ পৰে বুলি চৰ্চিত হৈছে।ইতিমধ্যে,ঘগ্ৰাপাৰৰ মাজমজিয়াৰ ঘগ্ৰাপাৰ ষ্টেচন সংযোগী পথছোৱা বছৰ বছৰ মেৰামতি নকৰাত বখলা-বখলে খহি পৰাৰ লগতে ঠায়ে ঠায়ে বৃহৎ গাঁঁতৰ সৃষ্টি হৈছে।কিন্তু,গড়কাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে এইসমূহ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত মুঠেই গুৰুত্ব নিদিয়াৰ ৰাজহুৱা অভিযোগ উঠিছে।উল্লেখ্য যে এই পথছোৱাৰে ঘগ্ৰাপাৰ ষ্টেচন,স্বাস্থ্য কেন্দ্ৰ,থানা,পশু চিকিৎসালয়,ৰাজহ-চক্ৰ কাৰ্যালয়,গধূলি বজাৰ আদিলৈ ৰাইজে যাতায়ত কৰে। পথছোৱাৰ কাষতে ঘগ্ৰাপাৰ প্ৰেছ ক্লাব,কংগ্ৰেছ কাৰ্যালয় আদিও অৱস্থিত।সেয়েহে গড়কাপ্তাানী পথ দুটাৰ বিধ্বস্ত ৰূপৰ লগতে কদৰ্য ৰূপ শীঘ্ৰে আঁতৰ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতি,আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ঘগ্ৰাপাৰ অঞ্চলৰ দল-সংগঠনে চৰকাৰক তথা নলবাৰী জিলা উপায়ুক্তক দাবী জনাইছে।লগতে,ঘগ্ৰাপাৰ ষ্টেচন সংযোগী পথছোৱাৰ জৰাজীৰ্ণ ৰূপ আঁতৰ নকৰিলে যুৱ-ছাত্ৰ পৰিষদৰ ঘগ্ৰাপাৰ আঞ্চলিক সমিতি আৰু ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহায়োগত গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তুলিব বুলি ভাবুকি প্ৰদান কৰিছে।
- Log in to post comments
- 51 views