জম্মু-কাশ্মীৰৰ হন্দৱাড়াত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীৰে সেনা আৰু আৰক্ষীৰ সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ হাইদৰৰ সৈতে দুটা বিদেশী সন্ত্ৰাসবাদী নিহত হয়।অৱশ্যে সংঘৰ্ষত পাঁচজন সেনা-আৰক্ষী শ্বহীদ হয়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।তেওঁ উল্লেখ কৰে যে শ্বহীদ সেনা আৰু আৰক্ষীৰ লোকসকলৰ বীৰত্ব আৰু বলিদানক কেতিয়াও পাহৰি পেলোৱা নহ'ব।
- Log in to post comments
- 16 views