জম্মু কাশ্মীৰত সেনাৰ শীৰ্ষ বিষয়াসহ পাঁচজন শ্বহীদ

Major

নিউজ ডেক্স:-

পুনৰ ৰাঙলী হ'ল জম্মু-কাশ্মীৰৰ ভূমি। জনমভূমি  ৰক্ষাৰ নামত জীৱন উচৰ্গা কৰিলে  দেশৰ পাচজনকৈ বীৰ জোৱানে। ৰবিবাৰে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাৰ হেণ্ডৱাৰা চহৰত সন্ত্ৰাসবাদীৰোধী এক অভিযানত কৰ্নেল আশুতোচ শৰ্মা,মেজৰ অনুজ চোদ,  দুগৰাকী জোৱান আৰু এজন পুলিচ  কনিষ্টবল মৃত্যু মুখত পৰে। অৱশ্যে জম্মু-কাশ্মীৰ আৰক্ষী আৰু ভাৰতীয় সেনাৰ এই যুটিয়া অভিযানৰ সময়চোৱাত দুজনকৈ দুধৰ্ষ সন্ত্ৰাসবাদীও নিহত হয়। আনহাতে  নিহত হোৱা সন্ত্ৰাসবাদী দুগৰাকী কোনটো সংগঠনৰ সৈতে জড়িত এই কথা বৰ্তমানলৈ স্পষ্ট হোৱা নাই।

Your Comments