'উত্তৰ-পূবৰ ৰাজ্যৰে দেওবাৰৰ পৰা অসমৰ প্ৰৱেশ পথ মুকলি'-মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

Pic

"লকডাউনৰ মাজতে দেওবাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগত প্ৰৱেশ পথ মুকলি কৰিব অসম চৰকাৰে।চিকিমক বাদ দি উত্তৰ-পূবৰ সকলো ৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ প্ৰতিজন ব্যক্তি দেওবাৰৰ পৰা নিজৰ ইচ্ছামতে অসমলৈ আহিব পাৰিব"-এই কথা অৱগত কৰিলে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ যে কেৱল মাত্ৰ অসমৰ ব্যক্তিসকলক অহাৰ বাবে খুলি দিয়া হৈছে প্ৰৱেশ পথ।কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ উত্তৰ-পূবৰ ৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলে দেওবাৰে পুৱা ৬ বজাৰ পৰা প্ৰতিদিনে সন্ধিয়া ৬ বজাৰ ভিতৰত অসমত প্ৰৱেশ কৰিবলৈ পাৰিব।সীমান্তত অসমলৈ ঘূৰি অহা প্ৰতিজন ব্যক্তিৰ কৰা হ'ব স্বাস্থ্য পৰীক্ষা।এই কথা অৱগত কৰে মন্ত্ৰী শৰ্মাই।

"উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ৰাজধানীলৈ ৰাজ্য চৰকাৰে পৰিবহণ নিগমৰ বাছ প্ৰেৰণ কৰিব।কিন্তু সেয়া পলম হ'ব।তাৰ পূৰ্বে যিসকল ব্যক্তিয়ে নিজৰ গাড়ী লৈ আহিব বিচাৰে দেওবাৰৰ পৰাই আহিব পাৰিব"-এইদৰে কয় মন্ত্ৰী শৰ্মাই।

দেওবাৰে বিয়লি তৃতীয় পৰ্যায়ৰ লকডাউন ৰাজ্যত কিদৰে প্ৰয়োগ কৰা হ'ব,সেই সন্দৰ্ভত ৰাজ্য চৰকাৰে নিজাকৈ প্ৰকাশ কৰিব নিৰ্দেশনা।এই কথা মন্ত্ৰী শৰ্মাই কয়।তেওঁ উল্লেখ কৰা মতে ৪মে'ৰ পৰা ৰাজ্যত পৰিবহণ নিগমৰ বাছসমূহ চলাচল কৰিব।৫০% যাত্ৰী লৈ যাত্ৰা কৰিব লগা বাছসমূহৰ ৫০% যাত্ৰী ভাড়া ব্যয় কৰিব ৰাজ্য চৰকাৰে।

একেদৰে,গ্ৰীণ জ'ন অঞ্চলত কাম-কাজসমূহ আৰম্ভ হ'ব বুলি মন্ত্ৰী শৰ্মাই কয়।

Your Comments