সংবাদ মাধ্যমৰ সম্পাদকসকলেৰে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন

Pic

ৰাজ্যৰ সংবাদ মাধ্যমৰ সম্পাদকসকলৰ সৈতে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক      অনুষ্ঠিত হয়।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ    পৌৰোহিত্যত অনুষ্ঠিত হোৱা বৈঠকখনত অসমৰ সংবাদ মাধ্যমৰ ২৭ গৰাকী সম্পাদক উপস্থিত থাকে।ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত,ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ,মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা,ফণীভূষণ চৌধুৰী প্ৰমুখ্যে বহুকেইজন মন্ত্ৰী-বিষয়া উপস্থিত থাকে।

বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বৈদ্যুতিন আৰু প্ৰিন্ট মিডিয়াৰ সম্পাদকসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰা হয়।চৰকাৰে কি কি অধিক পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু কেনেদৰে তৃতীয় পৰ্যায়ৰ লকডাউন সফল কৰিব পৰা যায়,সেই সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰে চৰকাৰে।

Pic

উল্লেখ যে মহামাৰী ক'ৰ'না সংক্ৰমণ ৰোধ কৰাৰ বাবে পৰামৰ্শ বিচাৰি ৰাজ্য চৰকাৰে বিৰোধী ৰাজনৈতিক শিবিৰ,ধৰ্মগুৰু, অৰ্থনীতিবিদসকলৰ সৈতে বৈঠকত মিলিত হৈছিল।তাৰ পিছতে শনিবাৰে চৰকাৰে ৰাজ্যৰ সংবাদ মাধ্যমৰ সম্পাদকসকলৰ পৰা গ্ৰহণ কৰে পৰামৰ্শ।

সম্পাদকসকলে আন্তৰিকতাৰে বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়োৱা বুলি উল্লেখ কৰি সোণোৱালে কয়-"তেওঁলোকৰ প্ৰতিটো পৰামৰ্শ লিপিবদ্ধ কৰিছোঁ।সাংবাদিকসকলে ক'ৰ'নাৰ সময়ত বহু কষ্টৰে দায়িত্ব পালন কৰিছে।তাক আমি উপলব্ধি কৰিছোঁ।"

ক'ৰ'নাৰ পিছতে বানপানীৰ বাবে চৰকাৰক প্ৰস্তুত হৈ থকাৰ আহ্বান সম্পাদকসকলে  জনাই বুলি উল্লেখ কৰি সোণোৱালে কয়- "বাতৰি কাকত আৰু আলোচনীৰ প্ৰতি অহা প্ৰত্যাহ্বান সন্দৰ্ভত বিবেচনা কৰাৰ বাবে আহ্বান জনাইছে।কিতাপৰ দোকান মুকলি কৰাৰো মত প্ৰকাশ কৰিছে।"

Your Comments