পাকিস্তানৰ নতুন প্ৰধান মন্ত্ৰী হিচাপে ইমৰান খানে দায়িত্ব গ্ৰহণ কৰাৰ পিছত পোন প্ৰথমবাৰৰ বাবে সিন্ধু নদীৰ পানী বিতৰণ বিষয়ত ভাৰত আৰু পাকিস্তানৰ মাজত বৈঠক অনুষ্ঠিত হ’ব ৷ দুয়োখন দেশৰ যুটীয়া আয়োগ ‘পাৰ্মানেণ্ট ইণ্ডাছ কমিছনৰ’ (পি আই চি) ১১৫ সংখ্যক দুদিনীয়া এই বৈঠকখন বুধ আৰু বৃহস্পতিবাৰে পাকিস্তানৰ লাহোৰত অনুষ্ঠিত হ’ব ৷ ইতিমধ্যে সিন্ধু জল সম্পৰ্কীয় ভাৰতীয় আয়ুক্ত পি কে ছাক্সেনাৰ নেতৃত্বত ভাৰতৰ ৯ জনীয়া সঁজাতি দলটো আজি লাহোৰত উপস্থিত হোৱাৰ কথা ৷ পি আই চি-ৰ এই বৈঠকত পাকিস্তানী সঁজাতি দলৰ নেতৃত্ব দিব সেই দেশৰ সিন্ধু জল সম্পৰ্কীয় আয়ুক্ত ছৈয়দ মহম্মদ মেহেৰ আলী শ্বাহে ৷
লক্ষণীয় যে এই বৈঠকখনৰ কোনো ৰাজনৈতিক তাৎপৰ্য নাই আৰু দুয়োখন দেশৰ মাজত সম্পৰ্ক উন্নত কৰাৰ পথ প্ৰশস্ত কৰাৰ কোনো থলো এই বৈঠকত নাই ৷ বৰং ভাৰতে বৰ্তমান নিৰ্মাণ কৰি থকা ১০০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম পাকাল ডাল প্ৰকল্প আৰু ৪৮ মেগাৱাট বিদ্যু উৎপাদক্ষম কালনাই জলবিদ্যুৎ প্ৰকল্পৰ কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত বিবাদ উত্তপ্ত হোৱাৰ সম্ভাৱনাহে অধিক ৷ পাকিস্তানে ইতিপূৰ্বেই ভাৰতৰ এই দুটা প্ৰকল্পক লৈ তীব্ৰ আপত্তি দৰ্শাইছে ৷ চেনাৰ নৈৰ দুখন উপনৈত এই প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছে ৷ ১৯৬০ চনত ৰাষ্ট্ৰসংঘৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানৰ প্ৰতিনিধিক লৈ স্থায়ী সিন্ধু আয়োগ গঠন কৰা হৈছিল ৷
উক্ত আয়োগৰে নিয়মীয়া ১১৫ সংখ্যক বৈঠকখন বুধ আৰু বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ৷ ১৯৬০ চনৰ চুক্তি অনুসৰি পূৰ্বাঞ্চলৰ ইৰাৱতী (ৰাবি) বিপাশা (বিয়াছ) আৰু শতদ্ৰু (ছাটলেজ) নদীৰ পানীৰ ওপৰত ভাৰতৰ কৰ্তৃত্ব থাকিব আৰু ইয়াৰ বিপৰীতে পশ্চিম ভাগৰ সিন্ধু, চন্দ্ৰভাপা (চেনাৰ) আৰু ঝিলম নদীৰ পানীৰ ওপৰত পাকিস্তানৰ কৰ্তৃত্ব থাকিব ৷ কিন্তু পশ্চিম ভাগৰ নদীসমূহৰ ওপৰত নিৰ্দিষ্ট পৰিসীমাত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাধাহীন অধিকাৰ ভাৰতৰ আছে ৷ আনহাতে পাকিস্তানৰ দাবী, ভাৰতে চেনাবৰ দুখন উপনৈত জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি ১৯৬০ চনৰ চুক্তি উলংঘা কৰিছে ৷ ভাৰত চৰকাৰে পাকিস্তানৰ এই অভিযোগক পোনে পোনে খাৰিজ কৰি দিছে ৷ ইতিপূৰ্বে পি আই চিৰ সৰ্বশেষ বৈঠকখন চলিত বছৰৰ ২৮ আৰু ২৯ মাৰ্চত নতুন দিল্লীত অনুষ্ঠিত হৈছিল ৷
- Log in to post comments
- 212 views