ৰঙালীৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী সোণোৱালৰ আহ্বান-"পহিলা ব'হাগৰ সন্ধিয়া সকলোৱে এগচিকৈ বন্তি প্ৰজ্বলন কৰক"

Pic

মহামাৰী ক'ৰ'নাৰ মাজতে অসমবাসীলৈ হেঁপাহৰ ৰঙালী বিহুৰ শুভেচ্ছা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অসমবাসীক সম্বোধন কৰি সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনায়।

পহিলা ব'হাগৰ সন্ধিয়া ৬বজাত নিজ নিজ পদ্ধতিৰে এগছি বন্তি জ্বলাই অসমবাসীৰ মংগলৰ বাবে সকলোকে প্ৰাৰ্থনা কৰিবলৈ  আহ্বান জনায়।

"হেঁপাহৰ ৰঙালী বিহুটি সকলোৱে ঘৰতে থাকি উদযাপন কৰক।সামাজিক দূৰত্ব বৰ্তাই ৰখাত ৰাইজে যেনেদৰে ভূমিকা লৈছে,সেয়া অত্যন্তই জৰুৰী"-মুখ্যমন্ত্ৰী সোণোৱালে কয়।

অসম চৰকাৰৰ যিসকল কৰ্মকৰ্তাই ক'ৰ'নাৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব দিছে,তেওঁলোকক কৃতজ্ঞতা জনায় মুখ্যমন্ত্ৰীয়ে।

ভয়-সন্ত্ৰাসৰ মাজতে ৰাইজৰ বাবে সেৱা আগবঢ়াই থকা ৰাজ্যৰ সাংবাদিকসকলকো কৃতজ্ঞতা জ্ঞাপন কৰে সোণোৱালে।

ইফালে সুৰাৰ বিপনীসমূহ মুকলি কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালে কয়-"ভাৰত চৰকাৰৰ নিৰ্দেশনা অনুসৰি আমি কাম কৰি আছোঁ।কোনো পৰিস্থিতিতে যাতে কোনো ব্যক্তিয়ে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত অৱহেলা নকৰে।"

Your Comments