সৰ্বদলীয় বৈঠক সমাপ্ত:ক'ৰ'নাৰ বিৰুদ্ধে 'টীম আসাম' মানসিকতাৰে আগবঢ়াৰ সংকল্প

Pic

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত মহামাৰী ক'ৰ'নাৰ মোকাবিলা সন্দৰ্ভত    অনুষ্ঠিত কৰা হয় সৰ্বদলীয় বৈঠক।একাডেমিক ষ্টাফ কলেজত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত উপস্থিত থাকে ৰাজ্যৰ সকলো ৰাজনৈতিক দলৰ নেতৃত্ব আৰু প্ৰতিনিধি।চৰকাৰীৰ পক্ষৰ হৈ উপস্থিত থাকে মুখ্যমন্ত্ৰী সোণোৱালৰ উপৰিও মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰী,অতুল বৰা,বিজেপি সভাপতি ৰঞ্জিত দাস প্ৰমুখ্যে বহুকেইজন মন্ত্ৰী-বিধায়ক।ইয়াৰ উপৰিও কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ,দেৱব্ৰত শইকীয়া,ৰকিবুল হুছেইন উপস্থিত থাকে।কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া,প্ৰমোদ বড়ো, এইআইইউডিএফৰ নেতৃত্ব,এনচিপিৰ প্ৰতিনিধিও উপস্থিত থাকে।

দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত হোৱা বৈঠকত ক'ৰ'না ভাইৰাছৰ বিৰুদ্ধে  সংগ্ৰামত সৰ্বশক্তিৰে সকলোৱে আগবঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।'লকডাউন'ৰ সময়ছোৱাত ৰাজ্যখনত সৃষ্টি হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়।দেশৰ দ্বিতীয় পৰ্যায়ৰ লকডাউন অৰ্থাৎ অহা ১৪ এপ্ৰিলৰ পৰা হ'ব লগা লকডাউনৰ নতুন নীতি-নিয়মৰ সন্দৰ্ভতো সৰ্বদলীয় সভাত বিস্তৃতভাৱে আলোচনা কৰা হয়।ৰাজ্যৰ দৰিদ্ৰ জনতা তথা কৃষক সমাজক লকডাউনৰ সময়ত উপকৃত কৰিব পৰাকৈ লকডাউন বৃদ্ধি কৰাৰ পোষকতা কৰে সকলোৱে।

Pic

গুৰুত্বপূৰ্ণ যে যোৱা ২৪ মার্চৰ পৰা ২১দিনৰ বাবে আহ্বান জনোৱা লকডাউনৰ সময়ত ৰাজ্যৰ দৰিদ্ৰ জনতা তথা কৃষক,শ্ৰমিকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে সভাত বিতংকৈ আলোচনা কৰা হয়।কৃষি খণ্ডত সন্মুখীন হোৱা লোকচানৰ বিষয়ে বৈঠকত আলোচনা কৰা হয়।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে আগন্তক দিনত চৰকাৰক সকলো দিশত সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰিছে সকলো দলে।'টীম আসাম' মানসিকতাৰে কাম কৰাৰ সংকল্প গ্ৰহণ কৰা বুলি সোণোৱালে কয়।

জৰুৰীকালীন সেৱাত নিয়োজিত প্ৰতিগৰাকী ব্যক্তিলৈ সৰ্বদলীয় বৈঠকে ধন্যবাদ জনোৱাৰ লগতে দেওবাৰৰ বৈঠকত উপস্থিত থকা সকলো বিৰোধী দলক কৃতজ্ঞতা জনাই মুখ্যমন্ত্ৰী সোণোৱালে।তেওঁ কয়-'বিৰোধী দলসমূহে দিয়া পৰামৰ্শ অনুযায়ী আগবাঢ়িম আগন্তক দিনত।চৰকাৰে তেওঁলোকৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে দায়বদ্ধ।'

গুৰুত্বপূৰ্ণ যে সোণোৱাল চৰকাৰৰ আজি অনুষ্ঠিত হ'ব লগা কেবিনট বৈঠকত সৰ্বদলীয় সভাৰ পৰামৰ্শসমূহ উত্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।

Your Comments