ক'ৰ'না বিৰোধী যুঁজলৈ অধিবক্তা জোনমণি দেৱী খাউণ্ডৰ পৰিয়ালে আগবঢ়ালে ২০লাখ টকা

*Junmoni Devi Khaund*

মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ যুুঁজৰ বাবে অধিবক্তা জোনমণি দেৱী খাউণ্ড আৰু তেওঁ স্বামী জয়ন্ত খাউণ্ডে 'অসম আৰোগ্য নিধি'লৈ আগবঢ়ালে সাহায্য।ক'ৰ'নাৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁলোকে আগবঢ়াইছে ২০লাখ টকাৰ সাহায্য।স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ হাতত ইতিমধ্যে প্ৰদান কৰিছে ২০লাখ টকাৰ ছেক।

সাহায্য প্ৰদান কৰি অধিবক্তা খাউণ্ডে কয়- "স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে তৎপৰতাৰে কৰা যুঁজখনত এয়া আমাৰ সামান্য অৰিহণা।"

Your Comments