মহামাৰী ক'ৰ'না ভাইৰাছত আক্রান্ত হৈছে ৰাজ্যৰ মুঠ ২৯গৰাকী ব্যক্তি।তাৰে ফাইজুল হক বৰভূঞা নামৰ আক্ৰান্ত ব্যক্তিগৰাকীৰ ইতিমধ্যে মৃত্যু হৈছে।বৰ্তমান ৰাজ্যত চিকিৎসাধীন হৈ আছে ২৮জন ব্যক্তি।ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ব্যক্তিসকলৰ অৱস্থা বৰ্তমান সময়ত কেনে আছে,তাক লৈ এতিয়া ৰাইজৰ মনত উত্থাপন হৈছে প্ৰশ্ন।
বৃহস্পতিবাৰে এখন সংবাদ মেলত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজলৈ প্ৰেৰণ কৰিছে এটা ভাল খবৰ।সেই অনুসৰি চিকিৎসাধীন হৈ থকা ২৮জনৰ ৫জন ব্যক্তি এতিয়া সম্পূৰ্ণ সুস্থ হৈ উঠিছে।গুৱাহাটী মনীষ তিবৰীৱাল সম্পূৰ্ণ সুস্থ হৈ উঠিছে।৮-৯ এপ্ৰিল তাৰিখে চিকিৎসাধীন ব্যক্তিগৰাকীৰ স্বাস্থ্য পৰীক্ষাত ক'ৰনা নিগেটিভ ওলাইছে।একেদৰে গোলাঘাট অসামৰিক চিকিৎসালয়ত তিনিজন আৰু গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত এজন ব্যক্তিৰ দেহত বৰ্তমান নাই মহামাৰী ক'ৰ'না ভাইৰাছ।গুৰুত্বপূৰ্ণ কথা এই যে ব্যক্তিকেইজন সুস্থ হৈছে যদিও ১৪দিন চিকিৎসালয়ত থাকিব লাগিব।
ইয়াৰ উপৰিও বাকী ৰোগীসকলো বৰ্তমান সময়ত প্ৰায় সুস্থ বুলি উল্লেখ কৰে মন্ত্ৰী ডঃ শৰ্মাই।
- Log in to post comments
- 31 views