দিল্লীৰ নিজামুদ্দিন তবলিগীৰ পিছত এইবাৰ গুৱাহাটী মহানগৰীৰ আঠগাঁও কবৰস্থান মছজিদ চিহ্নিত হৈছে ক'ৰনা ভাইৰাছৰ হটস্পট হিচাপে।কিয়নো উক্ত মছজিদত নিজামুদ্দিনৰ পৰা আহি আশ্ৰয় লোৱাৰ লগতে ১০০জন ব্যক্তিৰ সৈতে মছজিদত অংশগ্ৰহণ কৰিছিল বৈঠকত।এই ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহা ভয়ংকৰ তথ্য কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়- 'যোৱা ১২মার্চত উক্ত মছজিদত অনুষ্ঠিত হৈছিল এক বৈঠক বা মাছাৱাৰা।বৈঠকত অংশগ্ৰহণ কৰা তিনিজন ব্যক্তিৰ দেহত ধৰা পৰিছে ক'ৰ'নাৰ উপস্থিতি।ব্যক্তিকেইজন হৈছে জামালুদ্দিন হাজিৰ,কৰিমগঞ্জৰ জামালুদ্দিন হাজিৰ আৰু ধুবুৰীৰে ৰহি উদ্দীন।'উল্লেখ যে মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি দুই জামালুদ্দিন নিজামুদ্দিনৰ পৰা অহাৰ বিপৰীতে ধুবুৰীৰ আক্রান্তজন নিজামুদ্দিনলৈ যোৱা নাছিল।কিন্তু সেইসকল ব্যক্তিৰ লগত আঠগাঁও মছজিদত বৈঠকত আছিল আৰু তাতে ৰাতি কটাইছিল।
আৰক্ষীৰ অনুসন্ধানত এই কথা পোহৰলৈ অহাৰ পিছতে আগন্তক ১৪দিনৰ বাবে আঠগাঁও কবৰস্থান মছজিদ ছীল কৰিব প্ৰশাসনে।এই সময়ছোৱাত মছজিদৰ ভিতৰলৈ কোনো ব্যক্তিয়ে প্ৰৱেশ আৰু প্ৰস্থান কৰিবলৈ নোৱাৰিব।যিসকল ব্যক্তি মছজিদৰ ভিতৰত থাকিব,তেওঁলোকক জিলা প্ৰশাসনৰ ফালৰ পৰা যোগান ধৰা হ'ব খাদ্য।মন্ত্ৰী শৰ্মাই লগতে জানিবলৈ দিয়ে।
গুৰুত্বপূৰ্ণ যে মছজিদৰ ভিতৰত নগাঁৱৰ চামচুল আলমৰ নেতৃত্বত অনুষ্ঠিত হোৱা বৈঠকখনত উপস্থিত থকা ১০০জন ব্যক্তিৰ ৫৮জন ব্যক্তিৰ নাম পোৱা বুলি অৱগত কৰে।তাৰে কিছুসংখ্যক ব্যক্তিক কোৱাৰাণ্টাইন কৰা হৈছে আৰু বাকীসকলক চিনাক্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা বুলি মন্ত্ৰী শর্মাই অৱগত কৰে।
- Log in to post comments
- 8 views