ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে স্তব্ধ হৈ পৰা বস্ত্ৰ নগৰী শুৱালকুছিৰ হস্ততাঁত শিল্পৰ ক্ষেত্ৰখনৰ লগতে সমগ্ৰ অসমৰ শিপিনী তথা বোৱনীসকলৰ বাবে চৰকাৰে বিশেষ আৰ্থিক সহযোগ আগবঢ়োৱা উচিত।এই দাবী অসম সংগ্ৰামী মঞ্চৰ।আঞ্চলিক দলটোৰ সভাপতি দিগন্ত কোঁৱৰ আৰু কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে বিষয়টোৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি কয় যে ব'হাগ বিহু আৰু ব'হাগ মাহৰ ওপৰত ভিত্তি কৰি চলি থকা অসমৰ বস্ত্ৰ উদ্যোগটোক জীয়াই থকাৰ স্বাৰ্থত চৰকাৰে পৃষ্ঠপোষকতা কৰিব লাগিব।পাট সূতাৰ অত্যধিক মূল্য বৃদ্ধি কৰিছে এচাম অসাধু ব্যৱসায়ীয়ে।শুৱালকুছিৰ প্ৰায় ১৫ হাজাৰ শিপিনী আজি সংকটত পৰিছে।চৰকাৰৰ কোনো আৰ্থিক আঁচনিত স্থান নোপোৱা এই ১৫ হাজাৰ শিপিনীৰ লগতে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত থকা ২৫ লাখতকৈয়ো অধিক বোৱনীলৈকো অসম চৰকাৰে আৰ্থিক সহযোগ আগবঢ়োৱা উচিত ।
এটা বিবৃতিত অসম সংগ্ৰামী মঞ্চৰ নেতাদ্বয়ে ৰাজ্যৰ হস্ততাঁঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী ৰণজিৎ দত্তৰ দৃষ্টি আকৰ্ষণ কৰি কয়-ব'হাগ বিহুক লক্ষ্য কৰি অসমৰ শিপিনী-বোৱনীসকলে প্ৰস্তুত কৰা গামোচা,আৰ'নাই আদিক চৰকাৰে নিজস্বভাৱে ক্ৰয় কৰি এই আৰ্থিক সংকটৰ সময়ত তেওঁলোকক কিছু আৰ্থিক সকাহ দিয়ক।'লকডাউন' চলি থকাৰ মাজতে ব'হাগ বিহুৰ উদ্দেশ্যে চৰকাৰে নিজস্ব বিপনীৰ জড়িয়তে সেয়া বিক্ৰী কৰিব পাৰিব।বিবৃতিটোৰ জড়িয়তে মুখ্যমন্ত্ৰীৰো দৃষ্টি আকৰ্ষণ কৰি কোঁৱৰ আৰু ফুকনে কয়- অসমৰ শিল্পী আৰু কলাকুশলীসকলক চৰকাৰে দিয়া ৫০ হাজাৰ টকাৰ আৰ্থিক সহযোগৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰক।ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ বাবে ব'হাগ মাহটোত কোনো বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰা এই শিল্পীসকলৰ বাবে বছৰটোৰ বাবেই আয়ৰ পথটো একপ্ৰকাৰ বন্ধ হৈছে।মুখ্যমন্ত্ৰীক এই দিশত বিশেষ গুৰুত্ব দিবলৈ কোঁৱৰ আৰু ফুকনে আহ্বান জনায়।
- Log in to post comments
- 13 views