'নিয়া'ৰ গোচৰত জামিন ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ

Pic

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা,চমুকৈ 'নিয়া'ৰ হাতত গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি নেতা বিতু সোণোৱালৰ জামিন মঞ্জুৰ।মাওবাদীৰে জড়িত থকাৰ অভিযোগত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বিগত তিমিমাহতকৈ অধিক সময় কাৰাৰুদ্ধ হৈ আছিল।উল্লেখ যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তোলাৰ পিছতে গ্ৰেপ্তাৰ হৈছিল অখিল গগৈৰ উপৰিও ধৈৰ্য-বিতু।ইফালে নিয়াই কোনো উপযুক্ত প্ৰমাণ দিব নোৱাৰাত কিছুদিন পূৰ্বে জামিন পাইছিল অখিলে।অখিলৰ পিছতে বুধবাৰে পুনৰ জামিন লাভ কৰিছে ধৈৰ্য আৰু বিতুৱে।উল্লেখ যে জামিন লাভ কৰিলেও এতিয়াই মুকলি আকাশৰ তললৈ নাহে দুয়োগৰাকী নেতা।কাৰণ,গুৱাহাটীৰ পাণবজাৰ থানাত ৰুজু হৈ থকা ক্ৰাইম ব্ৰান্সৰ গোচৰত লাভ কৰা নাই বৰ্তমানলৈ জামিন।

Your Comments