'লকডাউন'ৰ সময়ত ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে খাদ্য সামগ্ৰীৰ মূল্য।বিভাগে নিৰ্ধাৰণ কৰি দিয়াৰ মূল্যৰ তুলনাত অধিক মূল্যত একাংশ দুষ্ট চক্ৰই নিজৰ খেয়াল-খুচি মতে বৃদ্ধি কৰিছে খাদ্য-সামগ্ৰীৰ মূল্য।এই কথা বিগত কেইবাদিনো ৰাজ্যৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে অধিক তৎপৰ হৈ পৰিছে ৰাজ্য যোগান বিভাগ।
গুৱাহাটীৰ বজাৰে-বজাৰে খাদ্য-সামগ্ৰীৰ মূল্যৰ চৰজমিন তদন্ত কৰিছে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে।গ্ৰাহকৰ ৰূপত দিছপুৰ ছুপাৰ মাৰ্কেটত মন্ত্ৰী চৌধুৰীয়ে বুধবাৰে তদন্ত চলাই খাদ্য সামগ্ৰী মূল্য সন্দৰ্ভত।
পিন্ধনত এটা ছাৰ্ট আৰু এখন লুঙী পিন্ধি সাধাৰণ জনতাৰ শাৰীত দেখা গ'ল মন্ত্ৰীগৰাকীক।
- Log in to post comments
- 23 views