'বাংলাদেশীৰ ভোটৰ অংকৰে ক্ষমতাৰ স্বপ্ন দেখা ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ দৰে ভণ্ড ৰাজনীতিক তথা অতি সাম্প্ৰদায়িকতাৰ লেতেৰা ৰাজনীতিকেই মূলধন কৰি দুবাৰকৈ অসম বিধানসভাৰ সদস্য হোৱা আমিনুল ইছলামক উপযুক্ত তথ্য-প্রমাণৰ ওপৰত ভিত্তি কৰি তাৎক্ষণিকভাৱে অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ বাবে ধন্যবাদ জনাইছে আসাম পাব্লিক ৱৰ্কছে।
লগতে ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাই কয় -"নিজামুদ্দিনৰ পৰা মাৰাত্মক ক'ৰ'না ভাইৰাছ কঢ়িয়াই আনি যিসকল বৰ্তমানলৈ ধৰা দিয়া নাই,সেইসকলৰো যথেষ্ট তথ্য এইজন ভণ্ড নেতাৰ হাতত থাকিব পাৰে বুলি সন্দেহ প্রকাশ কৰিছোঁ।"
লগতে শৰ্মাই কয় যে গ্ৰেপ্তাৰ হোৱা বিধায়ক ইছলাম এক উদাহৰণহে,এনে হাজাৰজন সাম্প্ৰদায়িকতাৰ পাশাখেল খেলি অন্ধবিশ্বাসৰ বজাৰ খোলা আমিনুল অসমত আছে।তথ্য-প্ৰমাণ পালেই ইহঁতক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ দায়িত্ব অসম আৰক্ষীৰ।
বিধায়ক ইছলামক উপযুক্ত ধাৰাত কঠোৰ শাস্তি বিহিব লাগে বুলি দাবী জনায় শৰ্মাই।
এটা প্ৰেছ বিজ্ঞপ্তি জড়িয়তে এই কথা প্ৰকাশ কৰিছে আসাম পাব্লিক ৱর্কছে।
- Log in to post comments
- 113 views