ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত, পানেৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত আজিৰে পৰা ভূটীয়াচাং চাহ বাগান খেলপথাৰত অনুষ্ঠিত হৈছে জাষ্টিন লাক্ৰা সোঁৱৰণি ফুটবল টুৰ্ণামেণ্ট ৷
আদিবাসী জাতীয় আব্বা জাষ্টিন লাক্ৰাৰ সহধৰ্মিণী তিৰুলতা লাক্ৰাই আনুষ্ঠানিকভাৱে টুৰ্ণামেণ্টখন উদ্বোধন কৰে । উদ্বোধনী খেলখনত ভুটীয়াচাং ফুটবল ক্লাব আৰু পানেৰী ফুটবল ক্লাবে অংশগ্ৰহণ কৰে ।
টুৰ্ণামেণ্টখনত মুঠ ৩৪টা ফুটবল দলে অংশগ্ৰহণ কৰিব বুলি টুৰ্ণামেণ্ট আয়োজক সমিতিয়ে জনাইছে ৷ চুড়ান্ত খেলখন অনুষ্ঠিত হ'ব হাতীগড় চাহ বাগান খেলপথাৰত ৷ আনহাতে, খেলখনত স্থানীয় এম চি এল এ সুৰেশ তাঁতী, সদৌ আদিবাসী ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰজেন হৰ', প্ৰচাৰ সম্পাদক মানচুকা চানখাৰিকা, ওদালগুৰি জিলা
আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি টিংকু ওৰাং, পানেৰী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ৰাজা ইক্ৰা, সম্পাদক তিলক বাৰা আদিৰ লগতে পানেৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চোহৰাব আলী আদি বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
সমগ্ৰ জিলাখনৰ ৩৪টা দলে অংশগ্ৰহণ কৰিবলগীয়া খেলখন দুটা ভাগত ক্ৰমে মাজবাট আৰু টংলা মণ্ডলত বিভক্ত কৰা হৈছে ।
- Log in to post comments
- 152 views