মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে গুৱাহাটীৰ সৰুসজাইত নিৰ্মাণ কৰা অস্থায়ী কোৱাৰেণ্টাইন শিবিৰলৈ অনা হৈছে নলবাৰীৰ ৫২।গৰাকী ব্যক্তিক।বৃহস্পতিবাৰে ৰাতি ১১ বজাত স্বাস্থ্য বিভাগৰ বহুকেইখন এম্বুলেন্সৰ জৰিয়তে অনা হয় লোকসকলক।উল্লেখ যে নিজামুদ্দিনৰ মৰ্কজত থকা ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল ৫২ গৰাকী ব্যক্তি।
ইফালে,ব্যক্তিসকলক কোৱাৰেণ্টাইন কেন্দ্ৰলৈ অনাৰ সময়ত সৰুসজাইত উপস্থিত আছিল ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা।মন্ত্ৰীগৰাকীয়ে ব্যক্তিসকলক সাহস প্ৰদান কৰি কয়-"আপোনালোকৰ ভালৰ বাবে অনা হৈছে।ভালদৰে খোৱা-বোৱাৰ ব্যৱস্থা আপোনালোকৰ বাবে কৰা হৈছে।"
লগতে মন্ত্ৰীগৰাকীয়ে কয় -"স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত নিগেটিভ ওলালে আলোনালোক যাবলৈ পাৰিব।"
গুৰুত্বপূৰ্ণ যে অসমত বৰ্তমান সময়লৈকে ধৰা পৰা ক'ৰ'না আক্রান্ত ১৬ জন ব্যক্তি নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠানৰ সৈতে সম্পৰ্ক থকা।
- Log in to post comments
- 30 views