নিজামুদ্দিনৰে সম্পৰ্ক থকা ১৫ গৰাকী সন্ধানহীন:৪৮৮ গৰাকীৰ সন্ধান লাভ

Pic

"ক'ৰনা ভাইৰাছত আক্রান্তৰ সংখ্যা ৰাজ্যত বৰ্তমান সময়লৈকে ১৬গৰাকীতে আছে।গোলাঘাটত ৮গৰাকী,গোৱালপাৰাত ৩গৰাকী আৰু কৰিমগঞ্জত ১গৰাকী আক্রান্ত বৰ্তমান সময়ত সুস্থ হৈ আছে"-এই মন্তব্য স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।গুৱাহাটীৰ মেডিকেল কলেজ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত মন্ত্ৰী ডঃ শৰ্মাই এক সংবাদ মেল সম্বোধন কৰি কয়-"সন্ধিয়ালৈ আক্রান্তৰ সংখ্যা বৃদ্ধি পাব পাৰে।নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠানত জড়িত থকা বহুকেইটা টেষ্টৰ ৰিজাল্ট আহিবলৈ বাকী আছে।" অসম চৰকাৰ তথা স্বাস্থ্য বিভাগে প্ৰস্তুত কৰা তবলিগ জামাতৰে সম্পৰ্ক থকা মুঠ ব্যক্তিৰ সংখ্যা ৫০৩গৰাকীৰ।তাৰ ৪৮৮গৰাকীৰ সৈতে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পৰ্ক স্থাপন কৰিছে।সন্ধানহীন হৈ আছে ১৫গৰাকী।এই তথ্য প্ৰকাশ সংবাদ মেলত প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই। আনহাতে,নিজামুদ্দিনৰ তবলিগ জামাতৰে সম্পৰ্ক ৩৬১গৰাকীৰ ব্যক্তিৰ চেম্পুল সংগ্ৰহ কৰা হৈছে।একেদৰে ৩৯৫ গৰাকী ব্যক্তিক কোৱাৰেণ্টাইন কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰী শৰ্মাই। সংগ্ৰহ কৰা ৩৬১গৰাকী চেম্পুলৰ কিছুসংখ্যকৰ ৰিজাল্ট আহিছে যদিও সকলো ৰিজাল্ট আহি সম্পূৰ্ণ হ'ব শুকুৰবাৰে দিনৰ ১২বজাৰ ভিতৰত বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।তেওঁ জানিবলৈ দিয়া অনুসৰি বৰ্তমান নেগেটিভ কিছু চেম্পুল পোৱা গৈছে যদিও চূড়ান্ত নহয়।সেইসকল ব্যক্তিক ১৪দিনত ৰাখি তিনিটা চেম্পুল পৰীক্ষা কৰিব।তাৰ পিছতে নিশ্চিত হ'ব পৰা যাব। উল্লেখ যে নিজামুদ্দিনৰ উপৰিও স্বাস্থ্য বিভাগে বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যৰ পাঁচটা পৰীক্ষা কেন্দ্ৰত ৯৫১টা চেম্পুল টেষ্ট কৰিছে।তাৰে ৯৮টা ৰিজাল্ট অহা নাই।ৰাতিৰ ভিতৰত সেইসমূহ ৰিজাল্ট আহি পাব বুলি মন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিয়ে।

Your Comments