দিল্লীৰ নিজামুদ্দিনৰ তবলিগী জামাতলৈ যোৱা একাংশ ব্যক্তিয়ে অসমলৈ ক'ৰ'না ভাইৰাছ কঢ়িয়াই আনি ৰাজ্যত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে।ৰাজ্যত ৫ জনলৈ বৃদ্ধি পাইছে ক'ৰ'না ভাইৰাছ আক্ৰান্তৰ সংখ্যা। আটাইকেইজন নিজামুদ্দিনৰ জামাতত উপস্থিত আছিল।ইফালে,জামাতৰ পৰা অসমলৈ ওভতি অহা বহুকেইজন লোকে অতি সমাজ বিৰোধী আচৰণ প্ৰদৰ্শন কৰি এতিয়াও কোনো স্বাস্থ্য পৰীক্ষাৰ সন্মুখীন হোৱা নাই।
- Log in to post comments
- 56 views