'ভয় নাখাব,সজাগ-সচেতন হোৱাৰ আৰু সত্য নুলুকুৱাৰ সময় এয়া'-লুৰিনজ্যোতি গগৈ

Pic

অসমত "ক'ভিড-১৯"ৰ প্ৰথম গৰাকী ব্যক্তিৰ চিনাক্ত হোৱাৰ পিছতে ৰাইজক অধিক সজাগ-সচেতন হোৱাৰ আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈৰ।সামাজিক মাধ্যমৰ জৰিয়তে গগৈয়ে ৰাইজক আহ্বান জনায় কয়-"সময়টো অসমৰ জনতাৰ বাবে জটিল সন্ধিক্ষণ।সাৱধান- সজাগ হৈ থাকিব লাগিব।ভয় যাতে কোনেও নাখায়।নিজৰ দায়িত্ব পালন কৰি ঘৰত সোমাই থাকক।স্বাস্থ্য বিভাগে দিয়া সকলো বিধি-বিধান সতৰ্কতাৰে গ্ৰহণ কৰক।আনকো এই সম্পৰ্কত সজাগ-সচেতন কৰক।" বৰ্তমান বাহিৰত থকা ব্যক্তিসকল অসমলৈ ঘূৰি অহাৰ লগে লগ প্ৰধান আৰু প্ৰাথমিক দায়িত্ব স্বাস্থ্য পৰীক্ষা কৰোৱা বুলি উল্লেখ কৰি গগৈয়ে কয়-"বাহিৰৰ পৰা অহাৰ কথা কোনেও যাতে লুকুৱাই নৰাখে।প্ৰশাসন,স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰি স্বাস্থ্য পৰীক্ষাৰ কৰক।" অসমৰ বাহিৰত থকা ব্যক্তিসকলৰ লগত যোগসূত্ৰ স্থাপন কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰি গগৈয়ে কয়-"যিসকলক চৰকাৰে বা যিসকলে নিজে বাহিৰৰ পৰা আহিছে,সেইসকল আহি পোৱাৰ লগে লগে প্ৰথম দায়িত্ব হ'ব সকলো কথা প্ৰশাসন-স্বাস্থ্য বিভাগক জনাই প্ৰয়োজন সাপেক্ষে সকলো ব্যৱস্থা গ্ৰহণ কৰা।" "এই সময় সজাগ-সচেতন হোৱাৰ আৰু সত্য নুলুকুৱাৰ সময়। মানুহে মানুহৰ সংস্পৰ্শলৈ অহা পৰিৱেশ যাতে ভাইৰাছবিধক কোনেও নিদিওঁ,তাৰ বাবে ক'ভিড-১৯ৰ চেইন ডাল ভাঙি পেলাব লাগিব"-গগৈয়ে কয়।নিজৰ নিজৰ অঞ্চলত যদি কোনো ব্যক্তি বাহিৰৰ পৰা আহি মনে-মনে ঘৰত যদি সোমাই আছে,তেন্তে তেনে ব্যক্তিৰ খবৰ,ৰাইজে প্ৰশাসনক দিয়ক বুলি আহ্বান জনায় ছাত্ৰ নেতা গগৈয়ে।ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলকো এই ক্ষেত্ৰত প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Your Comments