সোমবাৰৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে 'লকডাউন' বাহাল থকাৰ মাজতে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি চলি ৰাজ্যৰ কৃষকসকলে পহিলা এপ্ৰিলৰ পৰা নিজৰ কৃষিকাৰ্যত জড়িত হ'ব পাৰিব বুলি ঘোষণা কৰাৰ পিছতে মঙলবাৰে কৃষিমন্ত্ৰী অতুল বৰাই সামাজিক ব্যৱধান মানি চলি কৃষকক কৃষি কৰ্মত জড়িত হ’বলৈ আহ্বান জনাইছে।দিছপুৰৰ চৰকাৰী আৱাসত মন্ত্ৰী বৰাই সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ কৃষকলৈ আহ্বান জনায় কয়-"এই জটিল সময়চোৱাত অসমৰ প্ৰতিজন কৃষকে সামাজিক দূৰত্ব বৰ্তাই ৰাখি কৃষি উৎপাদনত জড়িত হওঁক।কৃষিৰ ক্ষেত্ৰত সামান্য শিথিল হ'ব লকডাউন।"
আনহাতে লকডাউনৰ সময়ছোৱাত ধেমাজি আৰু কিছুঠাইত খেতিত পোক লগা খবৰ পোৱা হৈছে।সেই খেতিসমূহত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দিষ্ট জিলা কৃষি বিষয়াক নির্দেশ প্ৰদান কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰী বৰাই।
কৃষি আৰু অৰ্থনীতিতকৈ জীৱনৰ সুৰক্ষা অধিক গুৰুত্বপূৰ্ণ,গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে।মন্ত্ৰী বৰাই সংবাদ মেলত সকলোকে আহ্বান জনায়।
লকডাউনৰ সময়ত ৰাজ্যত পশুখাদ্যৰ নাটনি হোৱা বুলি উঠা অভিযোগ সন্দৰ্ভত বৰাই কয় যে পশুখাদ্যৰ নাটনি হোৱা নাই।বাহিৰৰ পৰা অনাৰ বাবে ব্যৱস্থা কৰা হৈছে।
হোম কোৱাৰাণ্টাইনত থকা কোনো ব্যক্তি খেতিলৈ ওলাই নাহিব।সেই ব্যক্তিজনৰ পৰিয়ালৰ অন্য সদস্যসকলো কৃষি কাৰ্যৰ পৰা আঁতৰি থাকক বুলি আহ্বান জনাই বৰাই।
কৃষকসকলক উদ্দেশ্য কৰি বৰাই কয়- "উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ জিলা কৃষি বিষয়াৰে যোগাযোগ কৰক।চৰকাৰৰ অনুমোদিত বাহনত জৰিয়তে বিক্ৰী কৰা হ'ব পাচলিসমূহ।"
লকডাউনৰ বাবে ৰাজ্যৰ প্ৰতিজন কৃষকৰ বেংক একাউন্টত ২৫০০টকা কৈ শীঘ্ৰে ভৰাই দিয়া হ'ব বুলি সংবাদ মেলত প্ৰকাশ কৰে বৰাই।
- Log in to post comments
- 51 views