'লকডাউন'ৰ সময়ত কামৰূপ(ম) প্ৰশাসনে ৬৬টা স্থানত যোগান ধৰিব শাক-পাচলি

Pic

'লকডাউন'ৰ সময়ছোৱাত কামৰূপ(ম) জিলা প্ৰশাসনে পদূলিয়ে-পদূলিয়ে যোগান ধৰিব শাক-পাচলি।মোবাইল ভানৰ জড়িয়তে ৰাইজক যোগান ধৰিব শাক-পাচলি।ইতিমধ্যে শাক-পাচলি বিক্ৰী কৰাৰ বাবে ৬৬টা স্থান নিৰ্ধাৰণ কৰিছে মহানগৰ জিলা প্ৰশাসনে।খাদ্য বিক্ৰীৰ সময়ত নিৰীক্ষণ কৰিব যোগান বিভাগে।মোতায়েন কৰা হ'ব আৰক্ষী বাহিনীক।লকডাউনৰ সময়ত জনতা যাতে সমস্যাৰ সন্মুখীন নহয়,তাৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ। শেহতীয়াভাৱে দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ক'ৰনা ভাইৰাছৰ সংক্ৰমণে।শুকুৰবাৰৰ দিনটোত অসমত শাক-পাচলিৰ বজাৰ খুলিবলৈ দিছিল যদিও জনতাৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বন্ধ কৰিবলৈ বাধ্য হৈছিল বজাৰ।

Your Comments