ক'ৰ'না সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত প্ৰস্তুত হ'ব ১ কোটি হেণ্ড ছেনিটাইজাৰ:পাঁচটা প্ৰতিষ্ঠানক দিয়া হৈছে দায়িত্ব             

Pic

ক'ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা পিছত ভাৰততো ক্ৰমাৎ জটিল হৈ পৰিছে পৰিস্থিতি।দেশতো ক'ৰ'নাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।ক'ৰ'না সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশজুৰি ঘোষণা কৰা হৈছে লকডাউন। 

ইফালে,এই গুৰুত্বপূৰ্ণ সময়ছোৱাত ৰাজ্যত যাতে হেণ্ড ছেনিটাইজাৰৰ কোনো ধৰণৰ নাটনি হ’ব নোৱাৰে,তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।উল্লেখ যে একাংশ অসাধু ব্যৱসায়ীয়ে পৰ্যাপ্ত পৰিমাণে হেণ্ড ছেনিটাইজাৰ বজাৰত উপলব্ধ নোহোৱাৰ সুযোগ লৈ চ’ৰা দামত বিক্ৰী কৰা কাৰ্য ৰোধ কৰিবৰ বাবে ৰাজ্যৰ আবকাৰী বিভাগে গ্ৰহণ কৰিছে ব্যৱস্থা।

সেই অনুসৰি স্বাস্থ্য বিভাগৰে আলোচনাৰ জৰিয়তে আবকাৰী বিভাগে ৰাজ্যখনৰ ৫ টাকৈ কোম্পানীক বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া নিয়মাৱলী মানি চলি হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰিবলৈ অনুমতি প্ৰদান কৰিছে।এই কথা প্ৰেছ বিজ্ঞপ্তি জৰিয়তে প্ৰকাশ কৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। আবকাৰী মন্ত্ৰীগৰাকীয়ে জনোৱা মতে "হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰোতে 'ড্ৰাগছ এণ্ড কছমেটিকছ আইন- ১৯৪০’ বিধিসমূহ মানি চলিব লাগিব।

উল্লেখ যে বৰাক-ব্ৰহ্মপুত্ৰ আৰু পাৰ্বত্য জিলাসমূহত বিতৰণ আৰু যোগানৰ সুবিধা অনুসৰি অনুমতি প্ৰদান কৰা নিৰ্দিষ্ট কোম্পানীকেইটা হৈছে-ছেনিটেৰী ডিষ্টিলাৰিছ এণ্ড বটলিং প্লাণ্ট,বৰাগাঁও-গুৱাহাটী,  এছ’চিয়েটড এলকহ’ল এণ্ড বিভাৰেজ কোম্পানী গড়মূৰ-যোৰহাট, সুৰ্মা ডিষ্টিলাৰী প্ৰাইভেট লিমিটেড শিলচৰ- কাছাৰ, ব্ৰহ্মপুত্ৰ বায়’কেম প্ৰাইভেট লিমিটেড ছয়গাঁও-কামৰূপ, ৰেডিয়েণ্ট এমএফজি প্ৰাইভেট লিমিটেড খটখটি-কাৰ্বি আংলং।

গুৰুত্বপূৰ্ণ কথা এই যে এই নিৰ্দেশৰ জৰিয়তে সমগ্ৰ ৰাজ্যত ২০০ মিলিলিটাৰৰ ১ কোটি বটল যোগানৰ বাবে প্ৰস্তুতৰ নিৰ্দেশ প্ৰদান কৰা বুলি জানিবলৈ দিছে আবকাৰী মন্ত্ৰী শুক্লবৈদ্যই।

Your Comments