নিউজ ডেস্ক :
ক'ৰনা ভাইৰাছ সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই আজি এক সংবাদ মেল সম্বোধন কৰে।
সংবাদমেল খনৰ আৰম্ভনিতে ক'ৰনা ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে গ্ৰহণ কৰা প্ৰদক্ষেপক সম্পূৰ্ণ সমৰ্থন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।দেশৰ এই সংকটৰ সময়ত দল-মত,ধর্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে ঐক্যবদ্ধ ভাৱে ক'ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়াভাৱে জনতা কাৰ্ফিউৰ পৰা আৰম্ভ কৰি লকডাউনৰ লৈকে যিখিনি ঘোষণা কৰিছে সকলোৱে স্বতস্ফূৰ্ত ভাৱে সমৰ্থন জনাইছে।ইয়াত কোনো দ্বিমত নাই বুলি মন্তব্য কৰি তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰোতে অলপ পলম হোৱা বুলিও দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে যোৱা ১২ফেব্ৰুৱাৰীতে এই সম্পৰ্কে সতৰ্ক কৰিছিল বুলি উল্লেখ কৰি বৰাই আৰু কয় "প্ৰধানমন্ত্ৰীয়ে এই সম্পৰ্কত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পুনৰ ১২মাৰ্চত তেওঁ সোঁৱৰাই দিয়া বুলি মত প্ৰকাশ কৰে।
দেশৰ সংকটৰ সময়ত আমি একো ইচ্ছু কৰিব বিচৰা নাই বুলি উল্লেখ কৰি বৰাই অসম চৰকাৰে জনোৱা লক ডাউনক সমৰ্থন কৰি ৰাজ্য চৰকাৰলৈ কেইটামান পৰামৰ্শ আগবঢ়ায়।এই পৰামৰ্শ অনুসৰি " দিন হাজিৰ কৰা ব্যক্তিসকলক চৰকাৰ বিনামূলীয়াকৈ ৰেচনৰ যোগান ধৰিব লাগে।"
ব্যক্তিগত বিভিন্ন কোম্পানীত কৰ্মৰত শ্ৰমিক সকলৰ দা-দৰমহাৰ যাতে কৰ্তন কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰাৰ লগতে এনে ব্যক্তি সকলৰ বাবে চৰকাৰে বিশেষ পুঁজিৰ ব্যৱস্থা কৰিব লাগে বুলিও বৰাই দাবী জনায়।
ইফালে মোডীয়ে ৰাষ্ট্ৰক উদ্দেশ্য কৰি দিয়া ভাষণত ব্যক্তিগত খণ্ডত কৰ্মৰত শ্ৰমিক সকল যদি ক'ৰোনাৰ বাবে কামত উপস্থিত থাকিব নোৱাৰে তেতিয়া তেওঁলোকৰ দৰমহা কৰ্তন কৰিব নালাগে বুলি জনোৱা আহ্বানক আমি সমৰ্থন কৰিছোঁ।কিন্তু আহ্বান সকলোৱে নুশুনিব পাৰে গতিকে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এখন কঠোৰ আইন প্ৰণয়ন কৰিব লাগে বুলিও তেওঁ দাবী উত্থাপন কৰে।
বেংকৰ পৰা ঋণলৈ গাঁৱত ক্ষুদ্ৰ-ক্ষুদ্ৰ ব্যৱসায় কৰা ব্যক্তিসকলে যদি লকডাউনৰ সময়ত বেংকত ঋণৰ কিস্তি যদি পৰিশোধ কৰিব নোৱাৰে তেন্তে তেনে ব্যক্তি সকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলিও বৰাই লগতে দাবী কৰে।
বৰাই লগতে দাবী কৰে যে চাহ বাগিচাত কৰ্মৰত চাহ শ্ৰমিক সকলক দা-দৰমহা দিয়াৰ বাবে সকলো কোম্পানীক চৰকাৰে কঠোৰ ভাৱে নির্দেশ প্ৰদান কৰিব লাগে।বহু সময়ত চৰকাৰে বান্ধি দিয়া নিয়ম কোম্পানী সমূহে গ্ৰহণ নকৰাৰ অভিযোগো উথাপন কৰে বৰাই।
লগতে চাহ শ্ৰমিক ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰি বিনামূলীয়াকৈ মাক্স, চেনিটাইজাৰ যোগান ধৰিব লাগে বুলি কয়।
ভগৱানে আমাক কৃপা দৃষ্টিৰে চাইছে, যাৰ বাবে বৰ্তমানলৈ আমাৰ ৰাজ্যত কোনো লোকে আক্রান্ত হোৱা নাই ,তথাপিও আমি সম্পূৰ্ন সাজু থকা প্ৰয়োজন বুলি উল্লেখ কৰে সভাপতি বৰাই।
অনাগত দিনত আহি থকা অৰ্থনৈতিক সংকটৰ সৈতে মুকাবিলা কৰিবলৈ অসম চৰকাৰক সাজু হবলৈ আহ্বান জনাই বৰাই।
চিকিৎসাকর্মী সকলে আমাৰ সুৰক্ষাৰ বাবে যিদৰে কাম কৰিছে তাক তেওঁ সমৰ্থন কৰাৰ লগতে সাংবাদিক সকলকো বৰাই কৃতজ্ঞতা জনোৱা বুলি সংবাদ মেলত উল্লেখ কৰে।
- Log in to post comments
- 31 views