উত্তৰ পূৰ্বাঞ্চলত প্ৰথমজন ক'ৰোনাত আক্ৰান্তক চিনাক্ত : মণিপুৰৰ ২৩বছৰীয়া যুৱতী দেহত ধৰা পৰিছে ক'ভিড-১৯

Manipur

নিউজ ডেস্ক :
মাৰাত্মক ক'ৰোনা ভাইৰাছত আক্ৰান্তৰ প্ৰথমতো ঘটনা পোহৰলৈ আহিছে উত্তৰ-পূৰ্বাঞ্চলত।মণিপুৰৰ এগৰাকী যুৱতীৰ দেহত ধৰা পৰিছে কভি'ড-১৯ৰ উপস্থিতি।মণিপুৰৰ ইম্ফলৰ ২৩বছৰীয়া এগৰাকী যুৱতী আক্রান্ত হৈছে ক'ৰনা ভাইৰাচত।ইতিমধ্যে যুৱতী গৰাকীৰ তেজ পৰীক্ষাত নিশ্চিত হৈছে এই কথা।উল্লেখ্য যে যোৱা ১৯মার্চত যুৱতী গৰাকী লণ্ডনৰ পৰা আহিছিল।

বৰ্তমান আছুটিয়াকৈ ৰখা হৈছে আক্রান্ত যুৱতী গৰাকীক।চলোৱা হৈছে চিকিৎসা।

উল্লেখ যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এইয়াই হৈছে প্ৰথমটো ঘটনা।দেশত ক'ৰনা আক্রান্ত সংখ্যা হৈছে গৈ ৫৫০জন।১০গৰাকী আক্ৰান্তৰ ইতিমধ্যে মৃত্যু ঘটিছে।

Your Comments