লকডাউন ভংগকাৰীক দেখা মাত্ৰকে পুলিচ প্ৰশাসনক গ্ৰেপ্তাৰৰ নির্দেশ মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ:৬ মাহৰ পৰা ২ বছৰৰ কাৰাদণ্ড

Pic
ক'ৰ'না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অৱশেষত ৰাজ্য চৰকাৰে ঘোষণা কৰিলে লকডাউন।স্বাস্থ্য তথা বিত্তমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰি আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে এই কথা।মঙলবাৰ(২৪মার্চ)ৰ সন্ধিয়া ৬বজাৰ পৰা ৩১মার্চৰ ৰাতি ১২বজালৈ বাহাল থাকিব লকডাউন।লকডাউনৰ সময়ছোৱাত খাদ্য-সামগ্ৰী,ফাৰ্মাচী,পেট্ৰল পাম্পসমূহ খোলা থাকিব।বাকী চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়,দোকান বন্ধ থাকিব। উল্লেখ যে এই লকডাউনৰ সময়ছোৱাত যদি কোনো ব্যক্তিয়ে নির্দেশ ভংগ কৰে,তেন্তে সেই ব্যক্তিক দেখা মাত্ৰকে গ্ৰেপ্তাৰ কৰিবলৈ মন্ত্ৰী শৰ্মাই নির্দেশ প্ৰদান কৰিছে ৰাজ্যৰ পুলিচ প্ৰশাসনক।নিয়ম ভংগ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হলে ৬মাহৰ পৰা ২বছৰলৈকে হ'ব পাৰে জেইল। এই সময়ছোৱাত যদি কোনো ব্যক্তি অসুবিধাৰ সন্মুখীন হয়,তেন্তে জিলা প্ৰশাসনৰ সহায় ল'বলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে। যান-বাহনৰ চলাচল সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয়-"ঘৰুৱা বিমান সেৱা বন্ধ নহয়।ট্ৰেইন সেৱা সম্পূৰ্ণ বন্ধ হৈছে।আন্ত:ৰাজ্যিক ব্যক্তিগত বাহন চলাচল এই সময়ছোৱাত বন্ধ থাকিব"। চলিত বিত্তবর্ষৰ শেষৰ সময় হোৱাৰ বাবে বিত্তীয় কামত জড়িত চৰকাৰী কাৰ্যালয় খোলা থাকিব।তাত ১০%কৈ অধিক কৰ্মচাৰী আহিব নোৱাৰিব।একেদৰে বেংক,এটিএম সেৱা চলি থাকিব। এই সময়ছোৱাত ৰাজহুৱা ধৰ্মীয় অনুষ্ঠানসমূহ ৰাইজৰ বাবে বন্ধ থাকিব।কেৱল মাত্ৰ দৈনন্দিন পূজাভাগ কৰিব পাৰিব তাৰ মূল মানুহজনে। জৰুৰীকালীন সেৱাৰ লগত জড়িত সকলো ব্যৱস্থা চলি থাকিব।তাৰ বাবে ৰাইজে চিন্তা কৰাৰ কোনো কাৰণ নাই বুলি মন্ত্ৰী শৰ্মাই কয়। আনহাতে গুৰুত্বপূৰ্ণ কথা এই যে অহা পহিলা এপ্ৰিলৰ পৰা চৰকাৰে যোগান ধৰি অহা চাউল হিতাধিকাৰীক বিনামূলীয়াকৈ যোগান ধৰাৰ বাবে এফচিআইৰ লগত ইতিমধ্যে কথা-বতৰা পতা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

Your Comments