বিশ্বত্ৰাস ক’ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ পৰা নিজকে ৰক্ষা কৰাৰ বাবে মঙলবাৰৰ পৰা গুৱাহাটী মহানগৰীত বন্ধ থাকিব বাতৰি কাকত বিতৰণ।৩১ মাৰ্চ পৰ্যন্ত বাতৰি কাকত বিতৰণ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটীৰ হ'কাৰসকলে।হ'কাৰসকলৰ এখন বৈঠকত গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। উল্লেখ্য যে হ'কাৰসকলৰ এই ঘোষণাৰ পিছত মহানগৰবাসীয়ে মঙলবাৰৰ পৰা পুৱাই নাপাব বাতৰি কাকত। গুৰুত্বপূৰ্ণ কথা এই যে ইতিমধ্যে দেশত জটিল ৰূপ ধাৰণ কৰা ক'ৰনাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেন্দ্রই প্ৰতিখন ৰাজ্য চৰকাৰক মঙলবাৰৰ পৰা পাঁচ দিনলৈ লকডাউন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।
- Log in to post comments
- 12 views