২২ খন নতুন 'এইমছ' স্থাপন কৰিব কেন্দ্ৰ‌ই

AIIMS

দেশৰ চিকিৎসা শিক্ষাৰ প্ৰসাৰৰ লক্ষ্যৰে ২২ খন নতুন সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ 'এইমছ' স্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে । এই ঘোষণা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নদ্দাৰ । প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তত এই প্ৰতিষ্ঠানসমূহ স্থাপন কৰা হ'ব । এইমছ,ভূৱনেশ্বৰৰ প্ৰথমখন সমাৱৰ্তনত অংশ লৈ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই ঘোষণা আগবঢ়ায় । তাৎপৰ্যপূৰ্ণভাৱে ভাৰতৰ স্বাস্থ্য খণ্ডত দক্ষ মানৱ সম্পদৰ যথেষ্ট অভাৱ আছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰিছে ।
চিকিৎসা শিক্ষাৰ প্ৰসাৰৰ লক্ষ্য সদৰী কৰি তেওঁ কয় যে দেশত দক্ষ চিকিৎসক গঢ়াৰ স্বাৰ্থত এয়া জৰুৰী হৈ পৰিছে । তেওঁ কয় যে ভৱিষ্যতৰ প্ৰজন্মসমূহে যাতে উন্নত মানৰ চিকিৎসা সেৱা লাভ কৰিব পাৰে, সেই বাবেই চিকিৎসা শিক্ষাৰ গুণগত মান অধিক বৃদ্ধিৰ পৰিকল্পনা লৈছে কেন্দ্ৰীয় চৰকাৰে ।

Your Comments