দেশত ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে বিশ্বত্ৰাস ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে।দেশত ৩৪০ গৰাকী ব্যক্তি আক্রান্ত হৈছে ক'ৰ'নাত।ইফালে আক্রান্ত হোৱা সাতগৰাকী ৰোগীয়ে ইতিমধ্যে মৃত্যুক সাৱটি লৈছে।আজিৰ দিনটোতে তিনিগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ খবৰ ইতিমধ্যে প্ৰকাশ পাইছে। দেশৰ বহুকেইখন ৰাজ্যত ক'ৰ'নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ঘোষণা হৈছে "ল'ক ডাউন"।অসমত বৰ্তমান সময়লৈকে আক্রান্ত ব্যক্তিৰ কোনো তথ্য লাভ কৰা নাই যদিও প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা 'জনতা কাৰ্ফিউ'ত স্তব্ধ ৰাজ্য।পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা 'জনতা কাৰ্ফিউ' ৰাতি ৯ বজালৈ আছিল যদিও ভয়াৱহতাৰ দিশটোলৈ লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে 'জনতা কাৰ্ফিউ'ৰ ম্যাদ বৃদ্ধি কৰিছে সোমবাৰ পুৱা ৮ বজালৈ। ইফালে,ৰাজ্যৰ চেম্বাৰছ অৱ কমাৰ্চে ইতিমধ্যে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰৰ পুৱা ৭ বজাৰ পৰা ৰাতি ৯ বজালৈ ৰাজ্যৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান জনাইছে। পঞ্জাব,দিল্লী,ৰাজস্থান আদিৰ দৰে অসমতো ৰাজ্য চৰকাৰে যিকোনো সময়তে ঘোষণা কৰিব পাৰে ল'ক ডাউন।সুৰক্ষাৰ বিচাৰি ল'ক ডাউন ঘোষণাৰ আহ্বান জনাইছে ৰাজ্যবাসীয়ে।বিশেষ সূত্ৰৰ খবৰ অনুসৰি সোমবাৰৰ দিনটোৰ দেশৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি ৰাতিলৈ হয়তো ঘোষণা হ'ব পাৰে লকডাউন!
- Log in to post comments
- 30 views