ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যত সকলোবিলাক যাত্ৰীবাহী বাহনৰ চলাচল ৩১ মার্চলৈ বন্ধ ঘোষণা কৰিছে।ৰাজ্যত চলাচল কৰা সকলোবোৰ দূৰণিৱতীয়া বাছৰ সেৱাৰ লগতে সকলোবোৰ যাত্ৰীবাহী গাড়ীৰ সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰে অসম চৰকাৰৰ পৰিবহণ বিভাগে।
উল্লেখ যে এই গুৰুত্বপূৰ্ণ সময়ছোৱাত কেৱল জৰুৰীকালীন সেৱাৰ লগত জড়িত গাড়ী আৰু মালবাহী গাড়ীসমূহ চলাল কৰিব।
গুৰুত্বপূৰ্ণ কথা এই যে অসমৰ লগতে অন্য ৰাজ্য আৰু স্বায়ত্ব শাসিত অঞ্চললৈ যাব লগা যাত্ৰীবাহী গাড়ীৰ সেৱা বন্ধ থাকিব বুলি পৰিবহণ বিভাগে প্ৰকাশ কৰা বিজ্ঞপ্তিটোত উল্লেখ আছে।
ইফালে এই নির্দেশনা ব্যক্তিগত বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব বুলি বিজ্ঞপ্তিটোত উল্লেখ আছে।
'জনতা কাৰ্ফিউ'ৰ দিনটোত যিসকল যাত্ৰী ৰেল-বিমানেৰে আহি বিভিন্ন স্থানত আবদ্ধ হৈ আছে, সেইসকল যাত্ৰীৰ বাবে পৰিবহণ বিভাগে ৮০খন বিশেষ বাহনৰ ব্যৱস্থা কৰিছে।গুৱাহাটীৰ আইএছবিটিৰ পৰা ৰাজ্যৰ বিভিন্ন জিলালৈ যাব লগা যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ সুবিধাৰ অৰ্থে ৰাতি ৯ বজালৈ বিশেষ বাহনৰ ব্যৱস্থা কৰিছে।
- Log in to post comments
- 36 views