অসমত 'জনতা কাৰ্ফিউ'ৰ ম্যাদ বৃদ্ধি 

Pic

ক'ৰ'না ভাইৰাছৰ সংক্রমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনোৱা 'জনতা কাৰ্ফিউ'ৰ ম্যাদ  অসমত বৃদ্ধি কৰা হৈছে।দেওবাৰৰ ৰাতি ৯ বজাৰ পৰিৱৰ্তে সোমবাৰৰ পুৱা ৮ বজালৈ বৃদ্ধি কৰা হৈছে ম্যাদ।এই সময়খিনিত সকলোকে নিজৰ ঘৰত সোমাই থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে। উল্লেখ যে ইতিমধ্যে গুৱাহাটী মহানগৰীত প্ৰশাসনৰ ফালৰ পৰা এই কথা জনাই ৰাইজৰ মাজত ঘোষণা কৰা হৈছে।গুৰুত্বপূৰ্ণ যে আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা জনতা কাৰ্ফিউ ৰাতি ৯ বজাত শেষ হোৱাৰ কথা আছিল।

Your Comments